• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

বটদ্ৰৱাত এইটো এনকাউন্টাৰ নে হত্যা?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 30, 2022 7:41 pm
Batadrava case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বটদ্ৰৱাৰ পুলিচ থানা জ্বলোৱাত মুখ্য ভূমিকা লোৱা বুলি অভিযোগ উঠা আশ্বিকুল ইছলাম নামৰ ডেকা ল’ৰাজনৰ পুলিচৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে হেনো পুলিচৰ গাড়ীৰ সৈতে হোৱা দুৰ্ঘটনাত মৃত্যু হ’ল৷ এতিয়া চাৰিওফালে প্ৰচাৰ কৰি দিয়া হৈছে যে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আশ্বিকুল ইছলামৰ পুলিচ এনকাউন্টাৰত মৃত্যু হ’ল৷ খবৰটো পৰিবেশনৰ ধৰণটোও মনকৰিবলগীয়া৷ বটদ্ৰৱা কাণ্ড কাৰ সৃষ্টি আছিল? যিজন পোনা মাছৰ বেপাৰীৰ পুলিচ হেফাজোতত মৃত্যু হৈছিল সেই ছফিকুল ইছলাম নে কালি পুলিচৰ জিম্মাত মৃত্যু হোৱা আশ্বিকুল ইছলাম এই বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল? যিয়ে যি কয় তাকে আমি কিয় বিশ্বাস কৰোঁ? আমাৰ নিজৰ বিচাৰ-বুদ্ধি বোলা বস্তু এটা আছে নে নাই?

বটদ্ৰৱাত পুলিচ থানা জ্বলোৱাৰ পিছত স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ে কৈছিল- পুলিচে ছফিকুলক এৰি দিয়াৰ চৰ্ত হিচাপে হাঁহ এটা আৰু দহ হেজাৰ টকা বিচাৰিলেও তেওঁ আচৰিত নহ’ব! মোৰ কাণত সেই বাক্যটো এতিয়া বাজি আছে৷ সেই বাক্যটোৰ অৰ্থ কি, তাৰ তাৎপৰ্য কি আমি বিচাৰ কৰি চাইছোঁনে? পুলিচ থানাখন জ্বলাই দি তাৰ মানুহে কিমান গৰ্হিত কাম কৰিছে তাক আমি সকলোৱে কৈছো৷ তাৰ ফলাফল কি হৈছে সেইটোও আমি এতিয়া দেখিছো৷ কিন্তু ঘটনাৰ সূত্ৰপাত কেনেকৈ হ’ল, কোনে এই ঘটনাটোৰ আৰম্ভ কৰিলে সেইটো আমি কিয় ভাবি নাচাওঁ? প্ৰকৃততে কাৰ কাৰণে এই হিংসা আৰু হত্যাৰ আৰম্ভ হ’ল? কোনে আজি তাৰ ভৰণি ভৰিব লগা হৈছে?

এতিয়া আহোঁ, কালিৰ ঘটনাটোলৈ৷ ধৰি ল’লো আশ্বিকুল ইছলাম নামৰ এই ডেকা ল’ৰাজনেই পুলিচ থানাখন জ্বলোৱাৰ পৰিকল্পনা কৰিছিল বা পুলিচ থানাখন জ্বলোৱাত আন মানুহবোৰক উচটাইছিল৷ কিন্তু তাৰ জানো কিবা গ্ৰহণযোগ্য প্ৰমাণ আমাৰ হাতত আছিল? পুলিচে এই ডেকা ল’ৰাজনৰ বিৰুদ্ধে অনা অভিযোগ, সাক্ষ্য প্ৰমাণবোৰ ন্যায়ালয়ে বাদী-বিবাদীক সুধি-পুছি, বিচাৰ-বিশ্লেষণ আৰু পৰীক্ষা কৰি মানি ল’লেনে? নে সেই প্ৰক্ৰিয়াবোৰৰ এতিয়া কোনো প্ৰয়োজন নোহোৱা হ’ল?

এই বটদ্ৰৱা কাণ্ডটোৰ পৰা কি হ’ল? পুলিচ থানাখন জুইত জাহ গ’ল৷ কিন্তু পুলিচ থানাখন ৰাইজৰ, চৰকাৰৰ বস্তু৷ চৰকাৰে আগতকৈ ভাল আৰু মজবুত পুলিচ থানা এখন নতুনকৈ নিৰ্মাণ কৰিব পাৰিব আৰু নিশ্চয় অতি সোনকালে তেনে এখন পুলিচ থানা নিৰ্মাণ কৰি উলিওৱা হ’ব৷ কিন্তু, এই যে ছফিকুল ইছলাম বোলা মানুহজনে পোনা মাছৰ বেপাৰ কৰি ঘৰখন পুহিছিল, সেই ছফিকুল ইছলামৰ কি হ’ল? ছফিকুল ইছলামৰ ঘৰখনৰ কি হ’ল? ছফিকুল ইছলাম গ’ল৷ ছফিকুল ইছলাম আৰু তেওঁৰ ওচৰে-পাঁজৰে থকা পৰিয়ালবোৰৰ ঘৰবোৰো গ’ল৷

এতিয়া আশ্বিকুল ইছলামৰো সেই এই দশা হ’ল৷ কিবা বিচাৰৰ ৰায় হিচাপে তেওঁলোকৰ এই অৱস্থা হ’ল নে? এই যে কেইঘৰমান মানুহৰ জীৱনলৈ হঠাৎ এন্ধাৰ নামি আহিল, তাৰ কাৰণে দায়ী কোন? একেবাৰে সঁচা কথা- ছফিকুলৰ হত্যাৰ পোটক ল’বলৈকে মানুহবোৰে আইন নিজৰ হাতত তুলি লৈছিল, যিটো তেওঁলোকে ভুল কৰিছিল৷ কোনো ব্যক্তি বা ব্যক্তি সমষ্টিয়ে কেতিয়াবা আইন নিজৰ হাতত তুলি লৈ ভুল কৰিব পাৰে৷ কিন্তু, সেই একেটা ভুল ৰাষ্ট্ৰই মানে চৰকাৰেও কৰিবনে? চৰকাৰে সকলো কাম আইন মানি কৰিব নালাগে জানো? আইনৰ শাসন বোলা বস্তু এটা আছে নে নাই? অসমত এতিয়া হৈছে কি?

এতিয়া যি দেখিছো, দেশৰ ভিতৰতে পুলিচ এনকাউন্টাৰত মানুহ মৰা ৰাজ্যৰ ভিতৰত অসম প্ৰথম হ’বলৈ গৈ আছে৷ এই কথা আমি মনে সাজি কোৱা কথা নহয়৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্যই কোৱা কথা৷ যোৱা সময়ছোৱাত, মানে ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২০২২ চনৰ মাৰ্চলৈ অসমত প্ৰায় ৫০জন মানুহে তথাকথিত পুলিচ এনকাউন্টাৰত প্ৰাণ হেৰুৱাইছে আৰু ৯৬ জন মানুহ ঘূণীয়া হৈছে৷ অসমে এতিয়া কোন দিশত গতি কৰিছে? মনকৰিবলগীয়া কথা, সকলোবোৰ ঠাইতে এই তথাকথিত পুলিচ এনকাউন্টাৰৰ ঘটনা ঘটাৰ ধৰণটো একেই৷ ঘটনাবোৰ ঘটাৰ ধৰণৰ পৰা এনে লাগে এইবোৰ কোনো এনকাউন্টাৰ মানে পুলিচৰ অপৰাধীৰ সৈতে হোৱা কোনো সংঘৰ্ষৰ ঘটনা নহয়৷ পুলিচে কৰা হত্যাৰহে ঘটনা৷

আমি ক’ব নালাগে এই সন্দৰ্ভত ২০১৯ চনত হাইদাৰাবাদত হোৱা পুলিচ এনকাউন্টাৰ সম্পৰ্কে তদন্ত কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া VS Sirpurkar Inquiry Commission- এ সৌ সিদিনা ২৪ নে ২৫ মেৰ দিনা দিয়া প্ৰতিবেদনত কি কৈছে চাওকচোনঃ “Put simply, ‘encounter killings’ in South Asia is the moniker given to the spontaneous, unplanned, extrajudicial killing of alleged criminals by the police without the sanction of any judicial proceeding or due legal process”। অৰ্থাৎ দক্ষিণ এছিয়াত এনকাউন্টাৰ মৃত্যুৰ অৰ্থ হ’ল আইনী নিয়ম বা আইনৰ দ্বাৰা নিৰ্দ্ধাৰিত প্ৰক্ৰিয়া অবলম্বন নকৰাকৈ অপৰাধী বুলি অভিযুক্ত লোকক বিচাৰবিহীনভাৱে পুলিচে নিজৰ খেয়ালখুচি মতে যধেমধে কৰা হত্যা।”

এসময়ত অসমত গুপ্তহত্যা চলিছিল৷ এতিয়াৰ অসমত চলিছে এনকাউন্টাৰ হত্যা৷ ৰাইজ, ৰাজনৈতিক দল, নাগৰিক সমাজে যদি এইবোৰ দেখিও নেদেখাৰ ভাও জোৰে ৰাজ্যখনৰ ভৱিষ্যত অন্ধকাৰ৷ এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ হস্তক্ষেপ কৰাটোও অত্যন্ত জৰুৰী হৈ পৰিছে৷

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd