• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

এনেকৈ ভাৰতৰ সংসদত মুক্ত বিতৰ্ক সম্ভৱ হ’বনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 16, 2022 4:32 pm
unparliamentary word
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এওঁলোকে এইবোৰ কি কৰিবলৈ ওলাইছে? আচলতে এওঁলোকে আমাক কাকো শান্তিত থাকিবলৈ নিদিয়ে। এওঁলোকে এটাৰ পিছত এটা আজৱ কথা বজাৰত এৰি দি অনবৰতে আমাক ব্যতিব্যস্ত কৰি ৰাখিব বিচাৰে। যিসকল লোকৰ বিবেক বিবেচনা বোলা কিবা এটা বস্তু আছে, তেওঁলোকক এওঁলোকে এনে অদ্ভুত কিছুমান বিতৰ্কত অনবৰতে ব্যস্ত কৰি ৰাখিব বিচাৰে যাতে এইবোৰত লাগি লাগি এটা সময়ত এই লোক সকল ভাগৰি পৰে। “এহ এইবোৰত লাগি কি লাভ যাৰ যি মন যায় কৰি থাকক। আমাৰনো কি আহে কি যায়?” হয় আপোনাৰ, মোৰ মনত এই ধৰণৰ এক বিৰক্তি আনি দিব পাৰিলেই তেওঁলোক সফল হ’ব। তেওঁলোকে দিনে-ৰাতিয়ে সেইটোৱেই কৰি আছে। তাৰ শেহতীয়া উদাহৰণ হৈছে বৰ্ষাকালীন অধিৱেশনৰ আগে আগে লোকসভা সচিবালয়ে প্ৰকাশ কৰা শব্দৰ তালিকাখন।

আপোনালোকে এই তালিকাখন দেখিছেনে? সাংসদ সকলে এতিয়াৰ পৰা কোনবোৰ শব্দ সংসদীয় বিতৰ্কত ব্যৱহাৰ কৰিব নোৱাৰে এওঁলোকে তাৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাখনত চকু ফুৰালে আপোনাৰ চকু কপালত উঠিব। এবাৰ চাওকচোন এই তালিকাখনত কি কি শব্দ আছে! “ঘঁৰিয়ালৰ চকুপানী” “লজ্জাজনক” “নিৰ্যাতন” “বিশ্বাসঘাটকতা” “নাটক” “দুৰ্নীতিগ্ৰস্ত” “অযোগ্য” “ভণ্ডামি” ”নৈৰাজ্যবাদী” “শকুনি” ”স্বৈৰাচাৰী” ”দাংগা” “দালাল” “দাদাগিৰি” “ক’ভিড বিয়াপক” “ৰক্তপাত” “চামচা” “চামচাগিৰি” “গাড্ডাৰ” “ক’লাদিন” “ক’লাবজাৰী” “নিকম্মা” “নৌটংকী”- এই শব্দবোৰৰ গাত কি জগৰ লাগিল?

আমাৰ সমসাময়িক সমাজ-বাস্তৱতাৰ লগত এই শব্দবোৰৰ সম্পৰ্ক আছে নে নাই? আমাৰ ৰজনীতিক সকলে ‘ঘঁৰিয়ালৰ চকুপানী’ টোকে নে নোটকে? বৰ্তমানৰ চৰকাৰে সাংবিধানিক গণতন্ত্ৰৰ মৌলিক বৈশিষ্টবোৰ এটাৰ পিছত এটাকৈ গুৰুত্বহীন কৰি পেলোৱাটো আমাৰ কাৰণে ‘লজ্জাজনক’ হয় নে নহয়? বৰ্তমান চৰকাৰখনৰ শাসনকালত ধৰ্মীয় সংখ্যালঘু সকল ‘নিৰ্যাতন’ৰ সন্মুখীন হৈছে নে নাই? এটা ৰাজনৈতিক দলে নিৰ্বাচনৰ আগে আগে দেশৰ জনসাধাৰণক হাজাৰটা প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰাৰ পিছত যদি সেই প্ৰতিশ্ৰুতিবোৰ সম্পূৰ্ণৰূপে পাহৰি যায়, তেওঁলোকক বিৰোধী দলৰ সাংসদে সাংসদীয় বিতৰ্কত ‘বিশ্বাসঘাটকতা’ কৰা বুলি নকৈ কি বুলি ক’ব?

জি এচ টি সংসদত কেনেকৈ গ্ৰহণ কৰা হৈছিল আপোনালোকৰ মনত আছে নে? এখন বিল পাছ কৰিবলৈ মাজ নিশা কৰা সেইখন এখন ‘নাটক’ নাছিল যদি কি আছিল? আৰু এই বিলখনৰ কাৰণে সৌসিদিনালৈ বা এতিয়াও আমাৰ দেশৰ ব্যৱসায়ী সকলে কি দুৰ্ভোগ ভুগিবলগীয়া হৈছে? ‘দুৰ্নীতিগ্ৰস্ত’ শব্দটোও সাংসদ সকলে এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব? কি আচৰিত কথা? তাৰমানে কি ভাৰতবৰ্ষ এতিয়া সম্পূৰ্ণৰূপে এখন দুৰ্নীতিমুক্ত দেশ হ’ল নেকি? এওঁলোকে এইবোৰ কি কৰিব বিচাৰিছে? ‘অযোগ্য’ শব্দটোৰ আকৌ কি হ’ল? এইটো এটা অতি সাধাৰণ শব্দ নহয় নে?

তাৰমানে বৰ্তমান চৰকাৰৰ কোনো মন্ত্ৰী আমোলা অযোগ্য নহয়।সকলো যোগ্য,নিখুঁত,উৎকৃষ্ট! অথচ চাৰিওফালে, মানে কৰ্মসংস্থান,বাকস্বাধীনতা, লিংগ সমতা আদি প্ৰায় সকলোতে ভাৰতৰ স্থান দিনক দিনে তললৈহে গৈ আছে।হয়তো ই আমাৰ যোগ্যতাৰ পৰিচয় নহয় কি? নাই তেওঁলোকে ‘ভণ্ডামি’ শব্দটোও বাজেয়াপ্ত কৰিছে। দিনেৰাতিয়ে ভাৰতৰ সুৰক্ষাৰ কথা কৈ থকা চৰকাৰে এতিয়া অগ্নিপথ আঁচনি আনি আমাৰ দেশৰ সুৰক্ষাকলৈ ভণ্ডামি কৰা নাইনে?

এনেকৈ লোকসভা সচিবালয়ে নতুনকৈ নিষিদ্ধ ঘোষণা কৰা প্ৰতিটো শব্দৰ স্বাভাবিক ব্যৱহাৰৰ বিষয়ে বিস্তাৰিতভাবে আলোচনা তৰিব পাৰি।এইবোৰ কোনো অৰুচিকৰ আৰু অসাংবিধানিক শব্দ নহয়।এইবোৰ আমাৰ দৈনন্দিন আলাপ, আলোচনা আৰু বিতৰ্কত সততে ব্যৱহাৰ হোৱা শব্দ। কিন্তু শাসকীয় দলটোৱে কিয় এই শব্দবোৰৰ ব্যৱহাৰ সংসদীয় বিতৰ্কত নিষিদ্ধ কৰিব বিচাৰিছে? যোৱা প্ৰায় আঠ/দহ বছৰে আমাৰ দেশখনত যিবোৰ গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে,যিবোৰ ঘটনাৰ লগত বৰ্তমানৰ শাসকীয় দলটো জড়িতহৈ আছে,যিবোৰৰ বাবে আমাৰ দেশৰ জনগণে নানা ধৰণৰ দুৰ্ভোগ ভুগিব লগা হৈছে,সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে,সেই ঘটনাবোৰৰ লগত এই শব্দবোৰৰ সম্পৰ্ক আছে।

সেই ঘটনাবোৰৰ বাবে শাসকীয় দলক বা শাসকীয় দলৰ মুৰব্বীজনক, চৰকাৰৰ মুৰব্বীজনক জবাবদিহি কৰিবলৈ সংসদত বিৰোধী দলৰ সদস্য সকলে প্ৰায়ে এই শব্দবোৰ ব্যৱহাৰ কৰিছিল।এই চৰকাৰখনৰ কৰ্ম আৰু এই চৰকাৰখনৰ মুৰব্বীজনে বাৰে বাৰে দিয়া প্ৰতিশ্ৰুতিবোৰৰ লগত এই শব্দবোৰৰ সম্পৰ্ক আছে।আচৰিত কথা যে ক্ষমতালৈ অহাৰ আগতে কোনোবাই যদি এই শব্দবোৰ আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰিছিল সেইটো দল আছিল আজিৰ ক্ষমতাসীন দলটো।বিধিৰ কি বিপাক যে আজি এই শাসকীয় দলটোৱে এই শব্দবোৰৰ ভয়ত পলাবলগীয়া হৈছে।এই নিমাখিত শব্দবোৰ এতিয়া তেওঁলোকাৰ কাৰণেই বুমেৰাং হৈ পৰিছে।

যিবোৰ ঘটনাই আমাৰ দেশৰ মানুহৰ জীৱন-জীৱিকা প্ৰভাৱিত কৰিছে, সংসদত সেইবোৰ ঘটনাৰ বিষয়ে আলোচনা,বিতৰ্ক হওতে তাৰ লগত জড়িত শব্দবোৰৰ প্ৰাসংগিক,যুক্তিপূৰ্ণ,ক্ষুৰধাৰ ব্যৱহাৰ সংসদীয় গণতন্ত্ৰৰ কাৰণে অপৰিহাৰ্য।তাত বাধা আৰোপ কৰাটো গণতন্ত্ৰৰ ওপৰত এক মাৰাত্মক আঘাত।এতিয়া শুনিছো সংসদ ভৱন চৌহদত হেনো ইমান দিনে চলি অহা ধৰ্ণা,বিক্ষোভ প্ৰদৰ্শনো আদিও চৰকাৰে বাৰণ কৰিছে।এইখন চৰকাৰে আচলতে কৰিব বিচাৰিছে কি?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd