কেতিয়াবা এটা বক্তৃতা অতি শক্তিশালী হ’ব পাৰে।সি এটা সময়ৰ বাণীও হ’ব পাৰে। সেইটোৱেই বক্তৃতা আৰু বক্তৃতাৰ মাজৰ পাৰ্থক্য। মই যিটো বক্তৃতাৰ কথা ক’বলৈ ওলাইছোঁ সেই বক্তৃতাটো উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডাবে ১৮ ফেব্ৰুৱাৰীৰ দিনা Campaign for Judicial Accountability and Reforms (CJAR)-এ আয়োজন কৰা আলোচনাচক্ৰ এখনত প্ৰদান কৰিছিল। বক্তৃতাটোৰ বিষয় আছিল ভাৰতৰ বৰ্তমান অৱস্থাত ন্যায়পালিকাৰ দায়িত্ব। ন্যায়পালিকাৰ কাম হ’ল সাংবিধানিক প্ৰমূল্য উৰ্দ্ধত তুলি ধৰা আৰু দেশত যাতে সকলো সময়তে আইনৰ শাসন বৰ্তি থাকে তাৰ বাবে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰা।
যেতিয়াই দেশত কোনো আইনী বিতৰ্কৰ সৃষ্টি হয়, তাত শেষ সিদ্ধান্ত দিয়াৰ কৰ্তৃত্ব কেৱল উচ্চতম ন্যায়ালয়ৰহে। এই ক্ষেত্ৰত তেওঁ ইজৰাইলৰ চৰম সোঁপন্থী চৰকাৰৰ প্ৰধান মন্ত্ৰীজনে ইজৰাইলৰ উচ্চতম ন্যায়ালয়ক চেৰাই গৈ আইন প্ৰণয়নৰ ক্ষেত্ৰত সংসদক চৰম ক্ষমতা প্ৰদান কৰি আইন প্ৰণয়ন কৰিব বিচাৰোঁতে লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহি কেনেকৈ তাৰ বিৰোধিতা কৰিছিল, আনকি তাৰ অতি প্ৰভাৱশালী ঔদ্যোগিক গোষ্ঠীবোৰেও ইজৰাইল এৰাৰ ভাবুকি দিছিল সেই কথাৰ উল্লেখ কৰিছিল। আনকি পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি জনক আঁতৰাওঁতেও তাৰ উকীল সংস্থাই দুৰ্ঘোৰ বিৰোধিতা কৰিছিল।
আমাৰ আইন মন্ত্ৰী আৰু উপ–ৰাষ্ট্ৰপতিয়ে সেই একে ধৰণৰ ভাবুকি দি থাকোঁতে ভাৰতত কিন্তু আমি তেনে প্ৰতিক্ৰিয়া দেখা পোৱা নাই। ডাভে কয় যে কাৰ্যপালিকাই বিচাৰক নিযুক্তিত হস্তক্ষেপ কৰাৰ কথা কৈ ন্যায়পালিকাই হাত সাৱটি বহি থাকিব নোৱাৰিব। ন্যায়পালিকাই তাৰ বিৰোধিতা কৰিব লাগিব। যথোচিত উত্তৰ দিব লাগিব। তেওঁ কয় যে ন্যায়পালিকা বাহিৰৰ পৰা নহয় ভিতৰৰ পৰাহে দুৰ্বল হৈ পৰিছে। দুই এক ব্যতিক্ৰম বাদ দিলে আজিৰ সৰহ সংখ্যক ন্যায়াধীশৰ তেনে কোনো পাৰদৰ্শিতা নাই, তেওঁলোকৰ জ্ঞানৰ পৰিসীমাও সীমাবদ্ধ । সৰ্বোপৰি, তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। তেওঁ কয় “ মই ১৯৭৯ চনত গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰথম মোৰ ওকালতি আৰম্ভ কৰিছিলোঁ। তেতিয়া তাত ১৪ জন ন্যয়াধীশ আছিল। মই নদি ক’ব পাৰোঁ যে দক্ষতা, দায়বদ্ধতা, বুদ্ধিমত্তা, কষ্টসহিষ্ণুতা আৰু বদান্যতাৰ ক্ষেত্ৰত যেন ইজনতকৈ আনজনহে ওপৰত– এনে আছিল তেতিয়াৰ অৱস্থাটো।”
আজি শ্ৰীমতী ইন্দিৰা গান্ধীৰ সময়ৰ দৰে ন্যায়পালিকা দুৰ্বলৰ পৰা দুৰ্বলতৰহৈ পৰিছে। ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম পদ্ধতিৰ বিষয়ে উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে ভালৰো ভাল ন্যায়াধীশ নিযুক্তিত কলেজিয়াম ব্যৰ্থ হৈছে। ন্যায়াধীশ অখিল কোৰেচি, জয়ন্ত পেটেল, মুৰুলিধৰ বা জ্যেষ্ঠ অধিবক্তা আদিত্য চোন্ধিৰ দৰে ব্যক্তিক কিয় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া নহ’ল। তেওঁলোকৰ প্ৰতি কিয় এই অন্যায় কৰা হ’ল? দেশ তেওঁলোকৰ সেৱাৰ পৰা বঞ্চিত হ’ল। এই সন্দৰ্ভত তেওঁ কয় যে যোৱা ১০–১৫ বছৰৰ ভিতৰত, বিশেষকৈ যোৱা ৭–৮ বছৰত এনে কিছু লোকক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে যিসকলৰ ন্যায়াধীশ হোৱাৰ কোনো যোগ্যতাই নাই। তেওঁলোকে বিশেষ একো নাজানে। তেওঁলোকৰ কোনেও এতিয়ালৈকে এটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰি পোৱা নাই।
বক্তৃতাটোৰ শেষৰ ফালে অধিবক্তা ডাবে ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিত ন্যায়পালিকাৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় কোনো সন্দেহ নাই যে ইন্দিৰা গান্ধীৰ দৰে প্ৰধান মন্ত্ৰী মোদী এজন অতি শক্তিশালী নেতা। তেওঁ সকলোতে আধিপত্য বিস্তাৰ কৰিব বিচাৰে। হস্তক্ষেপ কৰিব বিচাৰে। ন্যায়পালিকাই তেওঁক প্ৰশ্ন কৰাটো তেওঁ নিবিচাৰে। কিন্তু ন্যায়পালিকাই প্ৰধান মন্ত্ৰীৰ অনুচিত কামৰ সমালোচনা কৰিবই লাগিব। এতিয়া আমি কি দেখিছোঁ– মনেসজা অপৰাধত বিৰোধীপক্ষৰ নেতা আৰু ৰাজনীতিক বোৰক যধেমধে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে আয়কৰ বিভাগ, চি বি আই আদি চৰকাৰী সংস্থাসমূহ লগাই দি তেওঁলোকক হাৰাশাস্তি কৰা হৈছে আৰু জেলত ভৰোৱা হৈছে।
চৰকাৰক সমালোচনা কৰা সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী, সমাজকৰ্মী আনকি কাৰ্টুনিষ্ট আৰু হাস্য–ব্যংগ শিল্পী সকলকো ৰেহাই দিয়া হোৱা নাই। তাৰ লগত সাঙুৰি লোৱা হৈছে দলিত আৰু ধৰ্মীয় সংখ্যালঘু সকলক। আচৰিত কথা যে হোৱাই নোহোৱাই এই সকল লোকক গ্ৰেপ্তাৰ কৰি বছৰ বছৰ ধৰি জামিন নিদিয়াকৈ জেলত বন্দী কৰি ৰখা হৈছে। আনহাতে শাসকীয় পক্ষৰ লোকে নিৰ্বিবাদে সমাজত ঘৃণা বিয়পোৱা বক্তৃতা দি গৈছে। তেওঁলোকৰ কোনোবাজনক কেতিয়াবা মুখলজ্জাত গ্ৰেপ্তাৰ কৰা হৈছে যদিও কেই ঘন্টামানৰ ভিতৰতে জামিনত খালাচ কৰি দিয়া হৈছে। প্ৰশ্ন হ’ল বিৰোধী ৰাজনীতিক, দলিত,ধৰ্মীয় সংখ্যালঘু আৰু চৰকাৰৰ সমালোচনা কৰা লোক সকলক কি কাৰণে জামিন দিয়া হোৱা নাই? চৰকাৰৰ ভয়ত ন্যায়ালয়ে কিয় এনে পক্ষপাতিত্ব কৰিছে? কোনো কাৰণ–পূৰণ নোহোৱাকৈ শ্বাহৰুখ খানৰ পুত্ৰক কিয় এমাহ জেলত সুমুৱাই থোৱা হ’ল? ইয়াৰ একমাত্ৰ কাৰণ হ’ল এতিয়া চৰকাৰৰ আশীশধন্য বিচাৰকেৰে আমাৰ ন্যায়ালয়বোৰ ভৰি পৰিছে। বিচাৰকৰ নিযুক্তিত চৰকাৰৰ হাত আছে। কলেজিয়াম পদ্ধতি সম্পূৰ্ণ ঠেৰু চিগা আৰু নিশকতীয়া হৈ পৰিছে। তাৰ আন এটা উদাহৰণ হ’ল ১৯৯৩চনৰ পৰা এতিয়ালৈকে উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বিৰুদ্ধে এবাৰলৈও কিয় ন্যায়ালয়ৰ ৰায় অমান্য কৰা কাৰণে চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই।
এতিয়া সকলোৱে মুখত পিঠা ভৰাই আছে। উকীল সংস্থা নিমাত। কলেজিয়ামে নিয়ম মাফিক নিজৰ কাম কৰি গৈছে যেন ক’তো একো হোৱাই নাই, সকলোবোৰ ঠিকে আছে। তেওঁৰ মতে ন্যায়পালিকা সক্ৰিয় হ’ব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ আইন বিভাগৰ সচিবক ন্যায়ালয়লৈ মতাই আনি ন্যায়ালয়ৰ ৰায় অমান্য কৰা অপৰাধত জগৰীয়া কৰিব লাগিব। তেতিয়াহে কিবা হ’ব পাৰে। কিন্তু সকলো শেষ হৈ গৈছে। ভাৰতত আইনৰ শাসন নোহোৱা হৈছে। ন্যায়পালিকা নিজৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে। উচ্চতম ন্যায়ালয়ত কৰ্মৰত জেষ্ঠ অধিবক্তা এগৰাকীয়ে ইয়াতকৈ আৰু কি বেছি ক’ব লাগে? মানুহৰ ভৰসা যেতিয়া সকলোতে টুটি আহে তেতিয়া ন্যায়ালয়ে একমাত্ৰ ভৰসা হৈ পৰে। ন্যায়ালয়ৰে যদি এই অৱস্থা মানুহ যাব ক’লৈ?