ধৰ্মনিৰপেক্ষতা আৰু শংকৰাচাৰ্য

যোৱা ২৪ এপ্ৰিলৰ দিনা পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য শ্ৰীশ্ৰী নিশ্চলানন্দ সৰস্বতী মহাৰাজে গুৱাহাটীত কেতবোৰ মন্তব্য কৰিছিল৷তাৰ ভিতৰত ধৰ্মগুৰুজনে কৰা দুটা মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ আছিল৷ তাৰে এটা হৈছে ধৰ্মনিৰপেক্ষতা সম্পৰ্কীয় আৰু আনটো হৈছে গো-সুৰক্ষা সম্পৰ্কীয়৷ কাকতত প্ৰকাশ পোৱা মতে ধৰ্মনিৰপেক্ষতা সম্পৰ্কে তেওঁৰ মন্তব্য আছিলঃ “কোনো বস্তু নাইবা ব্যক্তিয়ে ধৰ্মনিৰপেক্ষ হোৱাটো সম্ভৱপৰ নহয়৷চকু ধৰ্মনিৰপেক্ষ হ’লে মানুহ অন্ধহৈ যাব৷কাণ ধৰ্মনিৰপেক্ষ হ’লে কলা হ’ব৷জিভা ধৰ্মনিৰপেক্ষ হ’লে মানুহ বোবা হ’ব৷ইয়াৰ অৰ্থ হৈছে ধৰ্মই সকলোৰে অস্তিত্ব নিৰূপন কৰে৷ধৰ্ম অবিহনে কোনো বস্তুৰে অস্তিত্ব নিৰূপণ নহয়৷এই সত্যক বুজি ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষতাৰ কলংকৰ পৰা মুক্ত কৰিব লাগে৷ধৰ্ম ৰাষ্ট্ৰ,ধৰ্মৰ জগতত বিপ্লৱ আনিব লাগিব৷’’ আনহাতে গো ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ মতামত আছিলঃ “যি সকলৰ গো-প্ৰেম নাই, যি সকলৰ গো-হত্যাতহে প্ৰেম তেওঁলোক ভাৰতত থকাৰ যোগ্য নহয়৷পৃথিৱীৰ ক’তো মুখ দেখুওৱাৰ যোগ্য নহয়৷’’

শংকৰাচাৰ্যৰ এই দুয়োটা মতামত সম্পৰ্কে আমি কেনেদৰে প্ৰতিক্ৰিয়া কৰা উচিত? প্ৰথম কথা শংকৰাচাৰ্যই ধৰ্ম আৰু গো-সুৰক্ষা সম্পৰ্কে যি ধৰণে মতামত আগবঢ়াইছে তেওঁৰ লগতে সেই ধৰণে মতামত আগবঢ়োৱা আন মানুহো সমাজত থাকিব পাৰে৷বিভিন্ন বিষয়ে বিভিন্নজনৰ বেলেগ বেলেগ মতামত হ’ব পাৰে৷ এই মতামতবোৰ সকলোৰে বাবে সমানে গ্ৰহণযোগ্য নহ’বও পাৰে৷ তাত একো আচৰিত হ’বলগীয়া নাই৷

শংকৰাচাৰ্যৰ মতামত আমাৰ কাৰণে গ্ৰহণযোগ্য নহ’ব পাৰে৷বা কাৰোবাৰ কাৰণে সেইটো গ্ৰহণযোগ্য হ’বও পাৰে৷কিন্তু, শংকৰাচাৰ্যৰ মতামত সম্পৰ্কে আমি কিয় উদ্বিগ্ন হৈছোঁ ? আমি ভাবোঁ তিনিটা কাৰণে শংৰাচাৰ্যৰ মতামতে মানুহৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছে৷ তাৰে এটা হ’ল জনচক্ষুত পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্যৰ যিটো পদমৰ্যাদা সেইটো৷ ইমান গুৰুত্বপূৰ্ণ অৱস্থানত থকা ব্যক্তি এজনে এনে অদ্ভুত মন্তব্য কৰি আমাৰ সাংবিধানিক প্ৰমূল্যক এনে ধৰণে ফু মাৰি উৰুৱাই দিয়াটো উচিত হৈছেনে? আকৌ তেওঁৰ লগত চৰকাৰৰ কিবা সম্পৰ্ক আছেনেকি? শংকৰাচাৰ্যৰ মতামত অসমৰ বাতৰি কাকত আৰু টিভি চেনেলে সমূহে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছে৷অসমৰ মুখমন্ত্ৰীয়ে তেখেতৰ ওচৰত আঠু লৈছে৷গো-সুৰক্ষা সম্পৰ্কে অসম চৰকাৰে লোৱা ব্যৱস্থাৱলী তেওঁ ভূয়সি প্ৰশংসা কৰিছে৷

শংকৰাচাৰ্যৰ দুয়োটা মন্তব্য দেখদেখকৈ ভাৰতৰ সাংবিধানিক প্ৰমূল্যৰ পৰপন্থী৷ আৰু তেওঁৰ মতামত ভাৰতৰ দৰে বহু ধৰ্ম, বহু ভাষা আৰু বহু সাংস্কৃতিক পৰিচয় বিশিষ্ট ভাৰতীয় সমাজখনৰ বাবে বিপজ্জনক৷এটা কথা সঁচা মাজে মাজে ভাৰতৰ স্বাধীনতা আন্দোলনত সাম্প্ৰদায়িক প্ৰৱনতা এটা যে গা কৰি উঠা নাছিল তেনে নহয়৷কিন্তু, গান্ধী, নেহৰু প্ৰমুখ্যে আমাৰ স্বাধীনতা আন্দোলনৰ মূল নেতাসকলে সদায় এই প্ৰৱনতা সমূহৰ বিৰোধিতা কৰিছিল৷ তেওঁলোকে কোনো এটা বিশেষ জাতি,সম্প্ৰদায় বা গোষ্ঠীতকৈ ধৰ্ম জাতি নিৰ্বিশেষে ভাৰতত বাস কৰা সকলো অংশৰ জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল ৷ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতত বাস কৰা জনসাধাৰণৰ সকলো অংশই ভাগ লৈছিল, অংশগ্ৰহণ কৰিছিল৷এইখিনিতে আমি মন কৰা উচিত যে ভাৰতৰ সংবিধানখন কোনো আইনবিদ নাইবা সংবিধান বিশেষজ্ঞৰ উৰ্বৰ মস্তিস্কৰ পৰা আপোনাআপুনি সৰিপৰা বস্তু নাছিল৷যি উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি প্ৰায় এশ বছৰ ধৰি দেশৰ জনসাধাৰণে ইংৰাজৰ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, দেশে স্বাধীনতা লাভ কৰাৰ পিছত এই উদ্দশ্যবোৰ যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰি সেই লক্ষ্য আগত ৰাখিহে আমাৰ দেশৰ সংবিধানখন প্ৰণয়ন কৰা হৈছিল৷এই ক্ষেত্ৰত দুটা কথা আমি মনত ৰখা উচিতঃ এটা হ’ল ভাৰতৰ দীৰ্ঘদিনীয়া স্বাধীনতা আন্দোলনৰ পৰম্পৰা আৰু আনটো হ’ল সংবিধান সভাত হোৱা সুদীৰ্ঘ বাক- বিতণ্ড আৰু বিতৰ্কবোৰ৷ভাৰতৰ স্বাধীনতা আন্দোলনত হিন্দু মুছলমান, শিখ, ইচাই, অসমীয়া, বঙালী আৰু দেশৰ ধনী নিৰ্ধনী সকলোৱেই অংশগ্ৰহণ কৰিছিল৷

জনসাধাৰণৰ অক্লান্ত ত্যাগৰ বিনিময়তহে দেশে স্বাধীনতা লাভ কৰিছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত বিভিন্ন অংশৰ জনসাধাৰণৰ প্ৰতিনিধিৰে গঠিত হোৱা সংবিধানসভাই এক দীঘলীয়া বিতৰ্কৰ যোগেদি স্বাধীনতা আন্দোলনৰ আশা,আকাংক্ষা আৰু বিশ্বাস প্ৰতিফলিত হোৱাকৈ সৰ্ব সন্মতভাবে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল৷ সেই কাৰণেই ভাৰতৰ সংবিধানৰ প্ৰস্তৱনাত কোৱা হৈছেঃ “জনসাধাৰণৰ সকলো অংশৰ মাজতে চিন্তা, মতামত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা সুনিশ্চিত কৰা হওকl সকলো ব্যক্তিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই তোলাৰ সাংবিধানিক সুৰক্ষাও ৰাষ্ট্ৰই নিশ্চিত কৰক৷” আমাৰ দেশৰ বাস্তৱ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে সংবিধানৰ প্ৰস্তাৱনাত এইদৰে উল্লেখ কৰা হৈছিল৷এটা কথা ঠিক যে দেশ বিভাজনহৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক পৃথক ৰাষ্ট্ৰৰ সৃষ্টি হোৱাটো স্বাধীনতা আন্দোলনৰ কাণ্ডাৰীসকলে বিচৰা নাছিল৷

তেওঁলোকে নিবিচাৰিলেও সেইটোৱে আছিল বাস্তৱ সত্য৷ কিন্তু, পাকিস্তান হৈছে এখন ধৰ্মভিত্তিক ৰাষ্ট্ৰ, তাৰ বিপৰীতে ভাৰতবৰ্ষ হৈছে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ তেনেস্থলত পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য শ্ৰীশ্ৰী নিশ্চলানন্দ সৰস্বতী মহাৰাজে ধৰ্মনিৰপেক্ষতা ত্যাগ কৰি ভাৰতক এখন ধৰ্ম ৰাষ্ট্ৰ কৰিব লাগে বুলি কৰা মন্তব্য আৰু গো ৰক্ষা সম্পৰ্কে তেওঁৰ মতামত কেতিয়াও গ্ৰহণযোগ্য নহয় বৰং অত্যন্ত উদ্বেগজনকহে৷