নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰবাৰ এন ডিএৰ পৰা ওলাই আহি ইউ পি এৰ লগ লাগিছে।এন ডি এৰ মুখ্যমন্ত্ৰী হিচাপে কালি তেওঁ পদত্যাগ কৰে আৰু আজি তেওঁ ইউ পি এৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। যোৱা সময়ছোৱাত ঘটা কিছুমান ঘটনাৰপৰা আমি অনুমান কৰিব পাৰিছিলোঁ যে নীতিশ কুমাৰৰ নেতৃতত গঠিত বিহাৰৰ জে ডি ইউ আৰু বি জে পি মিত্ৰজোঁটৰ চৰকাৰত ক’ৰবাত যেন কিবা এটা কেৰোণ লাগিছিল। এই ক্ষেত্ৰত সকলোৱে কেইটামান কথালৈ আঙুলিয়াইছিল। নীতিশ কুমাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা নাছিল আৰু সৌসিদিনা অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকতো তেওঁ অংশগ্ৰহণ কৰা নাছিল।তাৰ আগতেও তেওঁ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অইন ভালেকেইখন সভাতো উপস্থিত থকা নাছিল।

কিন্তু, একেবাৰে শেহতীয়া ঘটনাটো আছিল কেন্দ্ৰীয় মন্ত্ৰী সভাত জে ডি ইউৰ আৰ চি পি সিঙৰ মন্ত্ৰিত্ব গ্ৰহণ। তেওঁ দলৰ মতৰ বিৰুদ্ধে গৈ কেন্দ্ৰীয় মন্ত্ৰী সভাত যোগদান কৰিছিল। কিন্তু আৰ চি পি সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা বাবে তেওঁক পুনৰবাৰ ৰাজ্যসভালৈ মনোনীত নকৰাত তেওঁ মন্ত্ৰিত্ব হেৰুৱাব লগা হৈছিল।তাত ক্ষুব্ধ হৈ নীতিশ কুমাৰ আৰু জে ডি ইউৰ বিৰুদ্ধে নানা ধৰণে বিষোদ্গাৰ কৰি আৰ চি পি সিঙে দলৰ পৰা পদত্যাগ কৰিছিল।আনহাতে জে ডি ইউ আৰু নীতিশ কুমাৰৰ অভিযোগ- মহাৰাষ্ট্ৰত বি জে পিয়ে একনাথ সিন্দেৰ যোগেদি ভিতৰৰ পৰা দুৰ্বল কৰি যেনেদৰে শিৱসেনাক শেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল,ঠিক তেনেদৰে তেওঁলোকে আৰ চি পি সিঙৰ যোগেদি জে ডি ইউক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল বিহাৰত।

বিহাৰত ঘটা এই ৰাজনৈতিক পৰিঘটনাটো আমি কেনেদৰে ব্যাখ্যা কৰিম? তাৰ আগতে আমি নীতিশ কুমাৰৰ বিষয়ে অলপ আলোচনা কৰি লোৱা উচিত হ’ব। নীতিশ কুমাৰ কোন? চূড়ান্ত সুবিধাবাদী নে এক সুচতুৰ ৰাজনীতিক? দেখাত নীতিশ কুমাৰক এজন চূড়ান্ত সুবিধাবাদী ৰাজনীতিক যেনেই লাগে। কিয়নো আজি কিমান বছৰ ধৰি তেওঁ এইবাৰ এইটো দল,সেইবাৰ সেইটো দল কৰি আছে! আমি মন কৰা উচিত যে এসময়ৰ বিহাৰৰ ৰাজনীতিৰ কিংবদন্তী স্বৰূপ ত্ৰিমূৰ্তি আছিল ৰাম বিলাস পাছোৱান(জন্ম-১৯৪৬),লালু প্ৰসাদ যাদৱ(জন্ম-১৯৪৮) আৰু নীতিশ কুমাৰ(জন্ম-১৯৫১)। জয় প্ৰকাশ নাৰায়ণে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনে জন্ম দিছিল এই ত্ৰিমূৰ্তিৰ।

ৰাম বিলাস পাছোৱানৰ ২০২০ চনত মৃত্যু হৈছে। লালু প্ৰসাদ যাদৱে আজি কেইবছৰমানৰপৰা জেইল আৰু চিকিৎসালয় কৰি আছে। কিন্তু এবাৰ এন ডি এ এবাৰ ইউ পি এ কৰি, আজি প্ৰায় ১৭ বছৰ নীতিশ কুমাৰ একেৰাহে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে।কেৱল নীতি আদৰ্শত লাগি থাকিলে, নীতিশ কুমাৰে জানো ইমান বছৰ একেধাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিলেহেঁতেন? নিশ্চয় নোৱাৰিলেহেঁতেন। কিন্তু, নিজে ক্ষমতাত থকাৰ স্বাৰ্থত, নীতিশ কুমাৰে বিহাৰৰ স্বাৰ্থ বৰ্জন কৰিছেনে বা এন ডি এৰ লগত চৰকাৰ কৰা সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী সকলো কামতে বিজেপিৰ দৰেই উজান দিছেনে? প্ৰথম কথা,যাৰ লগতে চৰকাৰ নকৰক কিয় নীতিশ কুমাৰে বিহাৰৰ স্বাৰ্থৰ প্ৰশ্নত কাৰো লগত কেতিয়াও আপোচ কৰা নাই।দ্বিতীয় আৰু গুৰুত্বপূৰ্ণ কথা, বিহাৰত,নীতিশ কুমাৰে সংখ্যালঘু বিৰোধী বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাই।

উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ বা অন্য বিজেপি শাসিত ৰাজ্য সমূহৰ দৰে বিহাৰত সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকল তেনে কোনো নিৰ্যাতনৰ সন্মুখীন হোৱা নাই।আৰু ৰাজ্য শাসনৰ সময়ত, নীতিশ কুমাৰে তুলনামূলকভাৱে যিমানপাৰে সিমান সুশাসনৰ নীতি সমূহ মানি চলিবলৈ চেষ্টা কৰিছে। ভাৰতীয় ৰাজনীতিত নীতিশ কুমাৰৰ লগত তুলনা কৰিব পৰা অইন এজন ৰাজনীতিক হৈছে এন চি পিৰ শাৰদ পাৱাৰ।কিন্তু, এতিয়া যেন পাৱাৰৰ ৰাজনৈতিক ৰণ কৌশলকো কুমাৰে চেৰ পেলাইছে। বিজেপিয়ে য’তেই আঞ্চলিক দলৰ লগত চৰকাৰ কৰিছে ত’তেই এটা সময়ৰ পিছত তেওঁলোকে আঞ্চলিক দলটোক নিশকতীয়া কৰি পেলাইছে।মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ মূল কাৰণেই আছিল সেইটো। অসমৰ কথা যদি কওঁ; ইয়াত অসম গণ পৰিষদ দলটো বিজেপিৰ ভিতৰৰে কিবা এটা নে এটা সুকীয়া দল, সেই সম্পৰ্কে মাজে মাজে আমাৰ মনত সন্দেহ ওপজে।বিজেপিয়ে জে ডি ইউক নস্যাৎ কৰিব বিচাৰিছিল বুলিয়েই আজি নীতিশ কুমাৰে এন ডি এৰ পৰা ওলাই আহি ইউ পি এৰ লগ লাগি চৰকাৰ কৰিছে।

বিহাৰৰ ৰাজনীতিত ঘটা পট পৰিবৰ্তনৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিৰ বাবে সুদূৰপ্ৰসাৰী হ’ব পাৰে।তাৰ তাৎক্ষণিক প্ৰভাৱ হ’ল ৰাজ্যসভাত শাসকীয় দলৰ ক্ষমতাৰ হ্ৰাস। এতিয়া নিজৰ হুজুগত বিজেপিয়ে ৰাজ্যসভাত বিল পাছ কৰাব নোৱাৰিব। কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব পাৰে ২০২৪ৰ সংসদীয় নিৰ্বাচনত।দিশহাৰা বিৰোধী ৰাজনৈতিক দলবোৰক ই সঞ্জীৱিত আৰু উজ্জীৱিত কৰি তুলিব পাৰে।নীতিশ কুমাৰ আনকি বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ উমৈহতীয়া প্ৰাৰ্থীও হ’ব পাৰে।