উত্তৰ-পূব ভাৰতৰ ৰাজ্য সমূহৰ স্কুল সমূহত দশম শ্ৰেণীলৈ হিন্দী বাধ্যতামূলক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অলপতে সিদ্ধান্ত লৈছে৷এই সিদ্ধান্ত কিমান যুক্তিযুক্ত? ভাষা এটাৰ তিনিটা বৈশিষ্ট্য থাকিব পাৰে৷ এক, ই এটা জাতি বা সম্প্ৰদায়ৰ আত্ম-পৰিচয় আৰু এক সাংস্কৃতিক চিনাকী হ’ব পাৰে, দুই, ই এটা অঞ্চলৰ জনসাধাৰণৰ যোগাযোগ আৰু শিক্ষাৰ মাধ্যম হ’ব পাৰে, আৰু তিনি, ই কেতিয়াবা কেতিয়াবা দমন আৰু আগ্ৰাসনৰ হাতিয়াৰো হ’ব পাৰে৷
অসমীয়া ভাষা অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়ৰ মূল আধাৰ৷ অসমীয়া ভাষা সাহিত্যৰ সোণালী অধ্যায়টো আছিল বৈষ্ণৱ সাহিত্য, শংকৰী সাহিত্যৰ যুগটো৷ কিন্তু, উনবিংশ শতিকাত, অসম বৃটিছৰ অধীন হোৱাৰ পিছত ১৮৩৬ চনৰ পৰা ১৮৮২ চনলৈ অসমীয়া ভাষাই অসমৰ স্কুল সমূহত পঢ়াশালীয় ভাষাৰ মৰ্যাদা হেৰুৱাইছিল৷ পিছলৈ যেনিবা বেপ্টিস্ট মিছনেৰী আৰু আনন্দৰাম ঢেকীয়াল ফুকন আদিৰ চেষ্টাত ই আকৌ স্কুলীয়া ভাষাৰ মৰ্যাদা লাভ কৰে৷
তাৰ পিছত, চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ আদিৰ উদ্যোগত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ আন্দোলন আৰম্ভ হয়৷ সেই আন্দোলনক এফালৰ পৰা অসমীয়াৰ আত্ম-পৰিচয়ৰ আন্দোলন বুলিও ক’ব পাৰি৷ তাৰ পিছতো জানো অসমীয়া ভাষা, সাহিত্য আৰু অসমীয়াৰ আত্ম-পৰিচয় কেন্দ্ৰিক আন্দোলনৰ ওৰ পৰিছে? আৰু কিমানেই এই আত্ম-পৰিচয় কেন্দ্ৰিক আন্দোলনৰ সুবিধা লৈছে? যোগাযোগ আৰু শিক্ষাৰ মাধ্যম হিচাপে ভাষাৰ এক বিশেষ গুৰুত্ব আছে৷
অসমৰ ভিতৰতে জনজাতীয়,অজনজাতীয়, আৰু নৃগোষ্ঠীয় লোকৰ মাজত বিভিন্ন ধৰণৰ সমস্যা আৰু সংঘাত আছে৷ তৎসত্বেও অসমীয়া ভাষা মূলতঃ অসমৰ যোগাযোগ আৰু শিক্ষাৰ মাধ্যম৷ আনহাতে দেশৰ ৰাজধানী আৰু উত্তৰ ভাৰতৰ সমাজখনৰ লগত কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ মানুহৰ যোগাযোগৰ ভাষা হ’ল হিন্দী৷ কিন্তু, আমাৰ উচ্চ শিক্ষাৰ মাধ্যম হিন্দী নহয়, ইংৰাজীহে৷ এই কথাটো অসমৰ বুলিয়ে নহয় মোটামোটি সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে খাটে৷ এইটো হৈছে এতিয়ালৈকে চলি থকা অৱস্থা৷
এতিয়া আহিল দমন আৰু আগ্ৰাসনৰ হাতিয়াৰ হিচাপে ভাষাৰ ব্যৱহাৰৰ প্ৰশ্নটো৷ ভাষা এটাক দমন আৰু আগ্ৰাসনৰ হাতিয়াৰ হিচাপে কেনেদৰে ব্যৱহাৰ কৰা হয় তাৰ উত্তম উদাহৰণ হ’ল ইংৰাজী ভাষা শিক্ষা আৰু আধুনিক ভাৰতৰ ইতিহাস৷আধুনিক ভাৰতত ইংৰাজী ভাষা সাহিত্যই আমাক নতুন নতুন চিন্তা চেতনা আৰু ভাৱাদৰ্শৰ লগত চিনাকি কৰি দি যেনেদৰে মুক্ত চিন্তাৰ অধিকাৰী কৰিলে ঠিক তেনেদৰে ই আমাক পাশ্চাত্য আধিপত্য আৰু আগ্ৰাসনৰ অধীনো কৰি পেলালে৷ সি আমাক আমাৰ মূলৰ পৰা বিচ্ছিন্ন কৰি পেলালে৷
সেইটো কৰা হৈছিল বৃটিছ শাসন আৰু ঔপনিবেশিকতাবাদী চিন্তা আৰু দৰ্শনৰ দ্বাৰা৷ এই বিষয়ে ৰবীন্দ্ৰনাথ আৰু গান্ধীৰ ৰচনাত বিস্তাৰিতভাবে উল্লেখ আছে৷ এতিয়া পিছে পৰিস্থিতিৰ পৰিবৰ্তন হৈছে৷ পশ্চিমীয়া চিন্তা আৰু তত্ত্বৰ প্ৰভাৱ যে এতিয়া কমি আহিছে সেইটো নহয়৷ কিন্তু, ইংৰাজী ভাষাতে পশ্চিমীয়া আগ্ৰাসন আৰু আধিপত্য, আৰু ঔপনিবেশিক চিন্তাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অধ্যয়ন, গৱেষণা আৰম্ভ হৈছে৷
হিন্দী বাধ্যতামূলক কৰা কথাটো কি? কিয় ই আমাক চিন্তত কৰিছে? উত্তৰ-পূৱ ভাৰত আৰু অসমকো এফালৰ পৰা ভাৰতৰ এক ক্ষুদ্ৰ সংস্কৰণ বুলি ক’ব পাৰি ইয়াৰ মানুহৰ মাজত থকা ভাষিক, সাংস্কৃতিক আৰু জীৱনধাৰণ পদ্ধতিৰ ভিন্নতাৰ বাবে৷ ভাৰত ৰাষ্ট্ৰই এই অঞ্চলটোৰ মানুহৰ মাজত থকা এই বৈচিত্ৰ্য আৰু বিভিন্নতাৰ সুযোগলৈ ইটো জনগোষ্ঠীক সিটোৰ বিৰুদ্ধে, এখন ঠাইৰ মানুহক অইন এখন ঠাইৰ মানুহৰ বিৰুদ্ধে উচতাই অঞ্চলটোৰ জনসাধাৰণৰ মাজত যাতে এক স্থায়ী সহযোগিতা আৰু সুদৃঢ় ঐক্য গঢ়লৈ নুঠে তাৰ বাবে সদায় চেষ্টা কৰি আহিছে৷ সেই কাৰণেই মূলতঃ আমাৰ, অঞ্চলটোৰ জনসাধাৰণৰ মাজত ইমান সংঘাত, ইমান ভুল বুজাবুজি৷
বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ চৰিত্ৰ এই ক্ষেত্ৰত আৰু অধিক আগ্ৰাসী আৰু আধিপত্যবাদী৷ তেওঁলোকে স্থানীয়ভাবে জনজাতি, নৃগোষ্ঠী সমূহৰ স্বতন্ত্ৰতাৰ কথা ঠিকেই কয়৷ কিন্তু তাৰ অৰ্থ এই জনজাতি, আৰু নৃগোষ্ঠী সমূহৰ প্ৰকৃত স্বতন্ত্ৰতা আৰু যুক্তৰাষ্ট্ৰীয় চৰিত্ৰক গুৰুত্ব দিয়াটো নহয়, তেওঁলোকৰ মুক্ত বিকাশৰ কথাটো নহয়৷তাৰ অৰ্থ হ’ল হিন্দু, হিন্দী, হিন্দুত্বৰ আধিপত্যৰ ওচৰত আত্ম-সমাৰ্পন৷ সেইবাবেই তেওঁলোকে এতিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ স্কুল সমূহত হিন্দী বাধ্যতামূলক কৰিব বিচাৰিছে৷
হিন্দী আমাৰ বাবে অজানা, অবুজা ভাষা নহয়৷ কাম চলোৱাৰ জোখাৰে উত্তৰ-পূবৰ মানুহে হিন্দী জানে৷ প্ৰথমে হিন্দী চিনেমাৰ যোগেদি, পিছত টেলিভিছনৰ যোগেদি আৰু এতিয়া ডিজিটেল বিপ্লৱৰ যোগেদি আমাৰ মানুহে হিন্দী ভালেই শিকিছে৷ কিন্তু, আমাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে হিন্দী বাধ্যতামূলক কৰি তেওঁলোকৰ একো উপকাৰ সাধিব পৰা নাযাব৷ কিয়নো জ্ঞান-বিজ্ঞানৰ শেহতীয়া ভাণ্ডাৰ এতিয়াও হিন্দীত নাই, আছে ইংৰাজীতহে৷
কিন্তু, পৰিহাসৰ কথা এয়ে যে একালত সৰ্বভাৰতীয় ৰাজনীতিৰ বিৰোধিতা কৰা, ভাষিক জাতীয়তাবাদৰ পৰকাষ্ঠা কৰা, আৰু উগ্ৰজাতীয়তাবাদী ভাষিক ৰাজনীতিৰ পোষকতা কৰা আজিৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে তেওঁলোকৰ ৰাজনৈতিক মোট সলাই এতিয়া হিন্দীৰ গুণগান কৰাৰ আৰম্ভ কৰিছে৷ আচৰিত ধৰণে সততে হিন্দী বলয়ৰ শোষণৰ কথা কোৱা, বিৰোধিতা কৰা আলফাৰো এতিয়া মুখৰ মাত নোহোৱা হৈছে৷
আচলতে এই সুবিধাবাদী, মেৰুদণ্ডহীন ৰাজনৈতিক নেতাবোৰৰ বাবেই আজি আমাৰ ভাষা, সংস্কৃতি বিপদাপন্নহৈ পৰিছে৷ সাধাৰণ মানুহে যিমান সোনকালে সেইটো বুজি উঠে সিমানেই অঞ্চলটোৰ জনসাধাৰণৰ বাবে মংগল৷