বিকল্প ৰাজনীতিৰ অৰ্থ কি?

কোন কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে- সেইবোৰ বৰ গুৰুত্বপূৰ্ণ কথা নহয়।সেইবোৰ তেনেই স্বাভাবিক সাময়িক ঘটনা।সেইবোৰৰ দ্বাৰা ৰাজনীতিত কোনো মৌলিক পৰিবৰ্তন নহয়। ৰাজনীতিত তাৰ কোনো সুদূৰপ্ৰসাৰী প্ৰভাৱ নপৰে। কিন্তু, এতিয়া চিন্তা কৰিব লাগে বিকল্প ৰাজনীতিৰ।বিজেপিৰ বিকল্প ৰাজনীতি? বিজেপিৰ বিকল্প ৰাজনীতি কোনো এটা ৰাজনৈতিক দলনে এটা ৰাজনৈতিক ভাবধাৰা, ধাৰণা আদৰ্শ? এই সময়ত বিকল্প ৰাজনীতিৰ অৰ্থ কি? বিজেপিয়ে যি ধৰণে ৰাজনীতি কৰিছে সেই ধৰণে কংগ্ৰেছ বা ইণ্ডিয়া জোটবন্ধনে ৰাজনীতি কৰা নেকি?

বিজেপিয়ে কি ধৰণে ৰাজনীতি কৰিছে বা বিজেপিৰ মূল শক্তি কি? (এক) বিজেপিৰ ৰাজনীতি টকাৰ ৰাজনীতি। তেওঁলোকৰ হাতত যিমান টকা আছে ভাৰতৰ কোনো এটা ৰাজনৈতিক দলৰ হাততে সিমান টকা নাই। গতিকে বিজেপিৰ লগত টকা পইছাত কোনো দলে ফেৰ মাৰিব নোৱাৰে। (দুই) বিজেপিৰ ৰাজনীতি ক্ষমতাৰ ৰাজনীতি। এতিয়া ৰাষ্ট্ৰযন্ত্ৰ বিজেপিৰ নিয়ন্ত্ৰণত। ৰাষ্ট্ৰযন্ত্ৰ মানে, যেনে- ইডি, চি বি আই, নিৰ্বাচন আয়োগ, গৃহ বিভাগ আনকি আওপকীয়াকৈ ন্যায়পালিকাও, যদিও কোনো কোনো সময়ত উচ্চ ন্যায়পালিকাই, মানে উচ্চ বা উচ্চতম ন্যায়ালয়ে নিজৰ কৰ্তৃত্ব জাহিৰ কৰা পৰিললক্ষিত হয়। উদাহৰণ স্বৰূপে অলপতে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰি দিয়া ৰায়ৰ কথা কব পাৰি।

(তিনি) বিজেপিৰ সমৰ্থক। বিজেপিৰ এক বুজন সংখ্যক অন্ধ অনুগামী আছে। এওঁলোক হিন্দুত্বৰ দুৰ্ঘোৰ সমৰ্থক। এওঁলোক হিন্দু-মুছলমানৰ মাজৰ বিভাজনৰ হোতা, প্ৰবক্তা।বিজেপি চৰকাৰৰ সকলো সিদ্ধান্ত এওঁলোকে চকুমুদি সমৰ্থন কৰে। বিজেপিৰ আন এচাম সমৰ্থক হ’ল সুবিধাভোগী, সুবিধাবাদী। তেওঁলোক মূলতঃ বিজেপিৰ হিতাধিকাৰী ৰাজনীতিৰ সৈনিক। নিজৰ, দেশৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি কেইটামান টকা আৰু কিছু সা-সুবিধাৰ বাবে তেওঁলোক বিজেপিৰ সমৰ্থক হৈছে।
এই তিনিটাৰ কোনোটোৰে লগত ইণ্ডিয়া এলায়েঞ্চ বা বিজেপি বিৰোধী যিকোনো এটা পাৰ্টিয়ে বিজেপিৰ লগত টক্কৰ দিব পাৰিবনে?

নোৱাৰে।কেতিয়াও নোৱাৰে। তেনেহ’লে তেওঁলোকে বিজেপিক কেনেকৈ প্ৰত্যাহ্বান জনাব? তেওঁলোকৰ বিকল্প ৰাজনীতি কি হ’ব? তাৰ চালিকা শক্তি কি হ’ব? প্ৰথম কথা তেওঁলোকৰ চালিকা শক্তি হ’ব লাগিব ভাৰতৰ সকলো অংশৰ জনগণ। বিজেপিৰ বিভাজনবাদী ৰাজনীতিয়ে দেশখন কেনেকৈ থানবান কৰিছে আৰু ভৱিষ্যতলৈ ই আমাৰ দেশখনৰ বাবে কিমান বিপজ্জনক হ’ব, সেই কথাটো তেওঁলোকে সাধাৰণ মানুহক বুজাব পাৰিব লাগিব। এই বুজোৱা কামটো সাধাৰণ মানুহক পতিয়ান নিওৱাটো কিন্তু ইমান সহজ নহয়। আনহাতে ৰাজনীতিৰ লগত অৰ্থনীতিৰ এৰাব নোৱৰা সম্পৰ্ক।

গতিকে বিজেপিৰ অৰ্থনৈতিক নীতি আমাৰ দেশৰ ভৱিষ্যতৰ বাবে কিমান ভয়াবহ সেইটোও ৰাইজক বুজাব পাৰিব লাগিব।এইবোৰ কথা সাধাৰণ মানুহে বুজিপোৱা কৈ ক’ব পাৰিব লাগিব। তাৰ কাৰণে ভালদৰে চিন্তা, ভাৱনা কৰি যুক্তি, তথ্যৰে কথাবোৰ ভাঙি পাতি ক’ব পাৰিব লাগিব। তাৰ পিছত আহিল টকা-পইছাৰ কথা। স্বাভাবিকতে বিভিন্ন কাৰণত নিৰ্বাচনৰ বাবে বিশেষকৈ প্ৰচাৰ আৰু যাতায়াতত কিছু টকা, পইছাৰ প্ৰয়োজন। সেই টকা পইছা ক’ৰপৰা আহিব? বিজেপিক আদানী, আম্বানীৰ দৰে ধনী উদ্যোগপতি আৰু আন বহুজাতিকে পইছা দিয়ে।

কিন্তু বিজেপিৰ অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰা, তাৰ প্ৰতিবাদ কৰা ৰাজনৈতিক দলক তেওঁলোকে কিয় পইছা দি হাতৰ কুঠাৰ ভৰিত মাৰিব? গতিকে পইছাও ৰাইজৰ পৰাই আহিব লাগিব। ৰাইজৰ ৰাজনীতি ৰাইজৰ পইছাৰে চলিব লাগিব। এইটোৱেই হ’ব লাগিব বিকল্প ৰাজনীতিৰ আৰ্হি আৰু আদৰ্শ। তাৰবাবে কি কৰিব লাগিব? যিয়ে এই বিকল্প ৰাজনীতিত বিশ্বাস কৰে তেওঁলোকে কাৰ ওপৰত ভৰসা কৰিব? তেওঁলোকৰ ভৰসা দুটা। এক তেওঁলোক নিজে নিজৰ ভৰসা হ’ব লাগিব।

দুই, তেওঁলোকৰ ভৰসা হ’ব লাগিব জনগণ, সাধাৰণ মানুহ। তেওঁলোক নিজে নিজৰ ভৰসা হোৱা আৰু সাধাৰণ মানুহৰ ওপৰত ভৰসা ৰখা কথাটো একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। বিকল্প ৰাজনীতিত বিশ্বাস কৰা সকলো দল আৰু ব্যক্তি এক হৈ অন্য ৰণকৌশলবোৰ ৰচনা কৰিব লাগিব। এইবোৰ ভবা সহজ। কৰা টান। কিন্তু, এইবোৰ কৰিব নোলাৰিলে বিজেপি বিতাৰণ সম্ভৱ নহ’ব।