“শিক্ষা সেতু” এপৰ নামত অৰাজক অৱস্থা চলিছে শিক্ষানুষ্ঠানত ; নিম্নমানৰ টেবলেট যোগানেৰে ভয়ংকৰ কেলেংকাৰীত লিপ্ত হৈছে শিক্ষা বিভাগঃ ডি ৱাই এফ আই

শিক্ষকসমাজৰ যুক্তিপূৰ্ণ দাবীক আওকাণ কৰি জোৰ-জুলুমকৈ শিক্ষা সেতু এপ জাপি দিয়াৰ ফলত শিক্ষা বিভাগত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে। শিক্ষা বিভাগে যোগান ধৰা দুৰ্বল টেবলেটৰ বাবে শিক্ষক-ছাত্ৰ-ছাত্ৰী উভয়ে সংকটত পৰিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষা সেতু এপৰ সমস্যা শীঘ্ৰে আঁ‌তৰ কৰি সুস্থ শৈক্ষিক পৰিৱেশ নিশ্চিত কৰিবলৈ দাবী জনাইছে। শিক্ষা সেতু এপ আৰু টেবলেট যোগানৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। শিক্ষা সেতু এপ জোৰকৈ জাপি দি টেবলেট যোগানৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ভুমিকা সন্দেহজনক হৈ পৰিছে।ডি ৱাই এফ আয়ে এই কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

অসম চৰকাৰ আৰু শিক্ষা বিভাগে জোৰ কৈ জাপি দিয়া শিক্ষা সেতু এপৰ লক্ষ্য আছিল শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অনলাইন যোগে দিয়া, আনকি বিদ্যালয় প্ৰস্থানৰ সময়ো শিক্ষা সেতু এপত নিশ্চিত কৰা। আচৰিত কথা যে শিক্ষা সেতু এপৰ বাবে যোগান ধৰা টেবলেটসমূহ ৰিচাৰ্চ কৰাৰ বাবে চৰকাৰে ধনৰ যোগান ধৰাৰ কথা আছিল যদিও সেয়া আজিলৈ নকৰিলে। আন এক গুৰুতৰ অভিযোগ হ’ল শিক্ষা বিভাগে ৫২ হাজাৰ টেবলেট যোগান ধৰিছিল। এই টেবলেটসমূহ ৪-জি মানৰ বুলি কোৱা হৈছিল যদিও প্ৰকৃততে টেবলেটসমূহ ৩-জি ক্ষমতাসম্পন্নহে।

অচৰিত কথাটো হৈছে শিক্ষা সেতু এপ প্ৰৱৰ্তন কৰাৰ প্ৰাকক্ষণত শিক্ষক সমাজে তীব্ৰ প্ৰতিবাদ কৰিছিল। কিন্তু শিক্ষা মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে শিক্ষকসমাজক চৰম ভেঙুচালি কৰি জোৰপূৰ্বক এই সেতু প্ৰৱৰ্তন কৰে। এতিয়া এই সেতু ভালুকৰ সাঙিত পৰিণত হৈছে। এনেবোৰ কথাই প্ৰমাণ কৰিছে শিক্ষা সেতু এপৰ নামত বৃহৎ লাভৰ বিষয়টো জড়িত হৈ আছে আৰু বৃহৎ মুনাফাৰ বাবে এনে আঁ‌চনি প্ৰৱৰ্তন কৰিছে বুলি চৰ্চা চলিছে। ডি ৱাই এফ আইয়ে দাবী কৰিছে শীঘ্ৰে শিক্ষা সেতু এপৰ সমস্যা দূৰ কৰক। এপৰ বাবে টেবলেট যোগানৰ নামত হোৱা দুৰ্নীতিৰ সঠিক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰক।