পুনৰ ৰাজ্যজুৰি তিনিটা পৰ্য্যায়ত শিক্ষা বিভাগৰ গুণোৎসৱ; ক’ত কেতিয়া অনুষ্ঠিত হ’ব জনালে শিক্ষামন্ত্ৰীয়ে

অহা ১১ মে’ৰ ১৪ মে’ লৈ ১১খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত কৰিব ৰাজ্যৰ শিক্ষা বিভাগে৷ প্ৰথম পৰ্য্যায়ত বঙাইগাঁও, চৰাইদেউ, বিশ্বনাথ, দৰং, ধেমাজী, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও, ডিব্ৰুগড় আৰু নলবাৰীত গুণোৎসৱ অনুষ্ঠিত হ’ব৷

ইপিনে, অহা ২৩ মে’ৰ পৰা ২৬ মে’ লৈ গোলাঘাট,  হোজাই, বৰপেটা, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, শিৱসাগৰ, মাজুলী, হাইলাকান্দি, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷

লগতে পঢ়ক: নাবালিকাক ধৰ্ষণ কৰি হত্যা; অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড গোৱালপাৰাৰ আদালতৰ

তদুপৰি, অহা ১ জুনৰ পৰা ৪ জুনলৈ কাছাৰ, চিৰাং, বাক্সা, ধুবুৰী, যোৰহাট, কামৰূপ মহানগৰ, ডিমা হাচাও, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ।

অহা ১১ মে’ৰ পৰা তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া এই গুণোৎসৱৰ বাবে ইতিমধ্যে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সাজু হৈ উঠিছে।

বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড, ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তিতা, আচাৰ-ব্যৱহাৰ, শিক্ষকৰ পাৰদৰ্শিতা ইত্যাদিৰ ওপৰত ভিত্তি কৰি গ্ৰেড এ, গ্ৰেড বি ইত্যাদি দিয়াৰ ব্যৱস্থা কৰিব পৰিদৰ্শকে।

লগতে পঢ়ক: বিজেপি নেতাক গ্ৰেপ্তাৰ; পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলি দিল্লী আৰক্ষীৰ এজাহাৰ!

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ৰাজ্যৰ বহু বিদ্যালয়ত বৰ্তমানো শিক্ষকৰ অভাৱত ভুগি আছে বা আন্তঃগাঁথনিও উন্নত নহয়। তেনেক্ষেত্ৰত গুণোৎসৱৰ জৰিয়তে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কি আমূল পৰিৱৰ্তন আনে সেয়া সময়ত লক্ষণীয় হ’ব।