NORTHEAST NOW (Assamese)

স্থানীয় ভাষাক উৎসাহিত কৰাৰ আহ্বান জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

October 27, 2022 7:46 am · এন ই নাও নিউজ,গুৱাহাটী

দেশত হিন্দী ভাষাকলৈ বিতৰ্ক চলি থকাৰ মাজতে স্থানীয় ভাষাক আমি উৎসাহিত কৰিব লাগে বুলি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰে শ্বাহে।
তেওঁ কয় যে ভাৰতৰ শিক্ষা ব্যৱস্থাত নৱজাগৰণৰ আহিছে।মধ্য প্ৰদেশৰ চৰকাৰে হিন্দীত চিকিৎসা শিক্ষা আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় ভাষাত শিক্ষাৰ প্ৰসাৰতগুৰুত্ব দিছে।

 ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, ‘ভাৰতীয় সংস্কৃতি সম্পূৰ্ণৰূপে ফুলি উঠা পদুমৰ দৰে, যাৰ প্ৰতিটো পাহি আমাৰ আঞ্চলিক ভাষাৰ দৰে। যিকোনো এটা পাহি ধ্বংস কৰিলে পদুমৰ সৌন্দৰ্য ধ্বংস হ’ব। মই বিচাৰো যে আঞ্চলিক ভাষাবোৰ ৰাজ্যৰ ৰাণী হৈ থাকক আৰু হিন্দী কেন্দ্ৰত থাকিব লাগে’।

তেওঁ লগতে কয় ভাষা কেৱল উচ্চাৰণ আৰু অভিব্যক্তিৰ এটা মাধ্যম। দৰাচলতে, যদি এজন ব্যক্তিৰ মাতৃভাষাত শিক্ষা প্ৰদান কৰা হয় তেন্তে এজন ব্যক্তিৰ বৌদ্ধিক সামৰ্থ্য অধিক উজ্জ্বল হোৱাৰ সম্ভাৱনা থাকে। স্থানীয় ভাষাৰ বাহিৰে আন ভাষাত প্ৰদান কৰা শিক্ষাই শিশুৰ বৌদ্ধিক প্ৰগতি সীমিত কৰিব পাৰে, কিয়নো চিন্তা কৰাৰ সামৰ্থ্য তেওঁৰ নিজৰ মাতৃভাষাত আটাইতকৈ আকৰ্ষণীয়।

Related News