NORTHEAST NOW (Assamese)

শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন

January 2, 2021 5:39 pm · এন ই নাও নিউজ
Updated: January 2, 2021 5:43 pm

ক’ৰ’ণাতংকৰ বাবে মাহৰ পিছত মাহ ধৰি স্থৱিৰ হৈ থকা ৰাজ্যৰ শিক্ষা খণ্ডলৈ লাহে লাহে গতি উভতি আহিছে।

এনে সময়তে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা কৰে।

টুইট যোগে মন্ত্ৰীগৰাকীয়ে আজি এই দুয়োটা পৰীক্ষাৰে দিন ঘোষণা কৰে।

সেই মৰ্মে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ’ব চলিত বৰ্ষৰ ১১ মে’ৰ পৰা। একেদৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাসমূহ আৰম্ভ হ’ব চলিগ বৰ্ষৰে ১২ মে’ৰ পৰা।

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৭ জুলাইৰ ভিতৰত।

তেওঁ লগতে উল্লেখ কৰে যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৩০ জুলাইৰ ভিতৰত।

Related News