মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে হিমন্তৰ বৈঠক; ক্লাছ ক্ষতি কৰি কৰিব নোৱাৰিব আন্দোলন

Himanta Biswa Sharma

হিমন্ত বিশ্ব শৰ্মা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে।

সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ হোষ্টেল মাছুল ৰেহাই কৰা সন্দৰ্ভত অধ্যক্ষ সকলৰ সৈতে আলোচনা কৰে বুলি জানিবলৈ দিয়ে।

জ্ঞান দীপিকা আঁচনিৰ অধীনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলক মাহে ৭০০ টকাকৈ ১০ মাহৰ বাবে মুঠ ৭০০০ টকা আগবঢ়োৱা হ’ব বুলি হিমন্তই জানিবলৈ দিয়ে।

অহা ১০ ফেব্ৰুৱাৰিৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলৰ বেংক একাউণ্টত এই টকাখিনি জমা কৰোৱা হ’ব বুলি কৈ হিমন্তই পাছলৈ শিক্ষা বিভাগে এই টকাৰ পৰিমান ৭০০ টকাৰ পৰিৱৰ্তে ১৪০০ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰে।

এই আঁচনিখনে প্ৰাৰম্ভিক অৱস্থাত ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে, শিক্ষক সকলে আন্দোলনত অংশলোৱা সম্পৰ্কত মত ব্যক্ত কৰি হিমন্তই কয়, ‘‘শিক্ষক সকলে যদি দেওবাৰ বা বন্ধ বাৰত আন্দোলনত অংশ লয় তেন্তে দৰমহা কৰ্তন নহয় কিন্তু ক্লাছ নকৰি আন্দোলন কৰিলে দৰমহা কটা যাব।’’

‘‘ক্লাছ ক্ষতি নকৰাকৈ ‘কা’ৰ বিৰোধিতা কৰে, আন্দোলন কৰে তাত মোৰ ক’বলগীয়া একো নাই, ইয়াত একনায়কত্ব খটাব নাযও,’’ হিমন্তৰ মন্তব্য।

আনহাতে, ঠিক সেইদৰে বিষয়া, কৰ্মচাৰী সকলেও কাৰ্যালয়ৰ সময়ত আন্দোলন কৰিব নোৱাৰিব বুলি হিমন্তই সংবাদমেলত কয়।

বৰ্তমানলৈ উচ্চতম ন্যায়ালয়ৰ পৰা নাগৰিকত্ব (সংশোধন) আইন সন্দৰ্ভত একো নিৰ্দেশনা অহা নাই বুলি হিমন্তই সংবাদমেলত উল্লেখ কৰি শুনানিৰ অন্তত ন্যায়ালয়ে যি ৰায় দিয়ে তাত তেওঁলোক সন্তুষ্ট বুলি মত ব্যক্ত কৰে।

‘‘নাগৰিকত্ব(সংশোধন)আইন সম্পৰ্কত তৰ্ক হ’ব লাগে, আলোচনাচক্ৰ হ’ব লাগে। বৌদ্ধিকভাৱে সবল হবলৈ এখন ভাল তৰ্ক বা আলোচনা হ’ব লাগে,’’ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য।