আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সম্বোধন কৰে সংবাদ মেল। চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউট হাৰ সন্দৰ্ভত সংবাদ মেল ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, ৰাজ্যত পূৰ্বতকৈ হ্ৰাস পাইছে ড্ৰপ আউট হাৰ। ২০২৪-২০২৫ বৰ্ষত নিম্ন প্ৰাথমিকত ড্ৰপ আউট হাৰ ৩.৮%, উচ্চ প্ৰাথমিকত ড্ৰপ আউট হাৰ ৫%, আৰু মাধ্যমিকত ড্ৰপ আউট হাৰ ১৭.৫ %। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লগতে কয় যে, “তিনিচুকীয়াত ৰাজ্যৰ আটাইতকৈ বেছি স্কুল ড্ৰপ আউট হাৰ। UDISEৰ ২০২৪-২০২৫ বৰ্ষৰ প্ৰতিবেদনত আমি আগবাঢ়িছোঁ। আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই হওক বা শিক্ষাদান ক্ষেত্ৰতেই হওক, পূৰ্বৰ তুলনাত আমি ভাল ফল লাভ কৰিছোঁ। ২০২৫-২০২৬ বৰ্ষত আমি আৰু অধিক ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হ’ম। ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ তুলনাত এই ফলাফল লাভ কৰিছোঁ। বহু ব্যক্তিগত বিদ্যালয় এতিয়াও UDISE অন্তৰ্ভুক্ত হোৱা নাই।”
তদুপৰি, PGT TET শিক্ষকক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, “বিজ্ঞাপন যিমান পদৰ বাবে আগতে ওলাইছে সেই অনুসৰিয়েই নিযুক্তি হ’ব। কোনোবা থাকি গৈছে বুলি তেওঁলোকক আমি নিযুক্তি প্ৰদান কৰিব নোৱাৰোঁ। যদিহে খালী পদ ৰৈ যায় তেন্তে তাৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব।”