বিশ্ব জেষ্ঠ নাগৰিক দিৱসত ঘোষণা দুগুণলৈ বৃদ্ধি পাব বৃদ্ধ পেঞ্চন

Mizoram old age penssion news

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

মিজোৰামত বৃদ্ধ পেঞ্চন দুগুণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মঙলবাৰে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী লালচান্দমা ৰালতে মন্তব্য কৰে।

আইজলত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জেষ্ঠ নাগৰিক দিৱসৰ এক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ৰালতে কয়, ‘‘ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত বৃদ্ধ পেঞ্চন দুগুনলৈ বৃদ্ধি কৰাৰ বিষয়ে সোমবাৰে মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’’

ৰাজ্যখনৰ জেষ্ঠ নাগৰিক সকলে বৰ্তমান লাভ কৰি থকা পেঞ্চনৰ তুলনাত নতুন সিদ্ধান্ত অনুসৰি দুগুণলৈ ইয়াক বৃদ্ধি কৰা হ’ব বুলি ৰালতে মন্তব্য কৰে।

আনহাতে, ৰাজ্যত জেষ্ঠ নাগৰিক সকলৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে বুলিও তেওঁ উল্লেখ কৰে।

তাৰোপৰি, সোমবাৰে অনুষ্ঠিত হোৱা মন্ত্ৰীসভাৰ বৈঠকত পাৰদৰ্শিতা বৃদ্ধি আৰু দুৰ্নীতি হ্ৰাস কৰাৰ উদ্দেশ্যে বাৰ্ষিক সম্পত্তিৰ বিৱৰণ দিবলৈ ব্যৰ্থ হোৱা চৰকাৰী কৰ্মচাৰী সকলৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ সম্পৰ্কতো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰী কৰ্মচাৰী সকলে বাৰ্ষিক সম্পত্তিৰ বিৱৰণ দিয়াৰ অন্তিম সময়সীমা ৩১ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে।

বৈঠকত চিকিৎসক সকলৰ অৱসৰৰ নুন্যতম আয়ুস সীমা ৬০ বছৰৰ পৰিবৰ্তে ৬২ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত ৭২ গৰাকী সহায়ক অধ্যাপক নিযুক্তি দিয়াৰ বিষয়ে সহমত উপনীত হয়।