মূল্যায়নৰ সমস্যা সমাধানৰ বাবে পুনৰ ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰা হ’ব : শিক্ষামন্ত্ৰী ৰণোজ পেগু

বি টি আৰৰ শৈক্ষিক সমস্যা সমাধান কৰা হব : পেগু

d2

মহামাৰী কৰোনাৰ বাবে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা বাতিল কৰি বিকল্প হিচাপে ঘোষণা কৰি পাঁচ নম্বৰ দফাৰ সিদ্ধান্তক লৈ বিভিন্ন ছাত্ৰ সংগঠন সৰৱ হোৱাৰ সময়তে আজি বি টি আৰৰ মুখ্য সদৰ কোকৰাঝাৰত উপস্থিত হয় অসমৰ শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগু।

গুৱাহাটীৰ পৰা পুৱা ৯.৪৫ বজাত ৰাজধানী এক্সপ্ৰেছেৰে আহি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বি টি আৰ প্ৰশাসনিক বিষয়া, নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা আৰু সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থা আদি দল সংগঠনৰ সৈতে আলোচনাত মিলিত হয়।

বি টি আৰ প্ৰধান প্ৰমোদ বড়ো পৰিচালনা কৰা বৈঠকত বি টি আৰৰ শৈক্ষিক সমস্যাৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়। বৈঠকৰ জড়িয়তে লোৱা ইতিবাচক সিদ্ধান্তৰ বিষয়ে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বি টি আৰৰ শৈক্ষিক সমস্যা সমাধান কৰা হব।

পাঁচ নম্বৰ দফাৰ বিষয়টোৰ ওপৰত গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদ আৰু নিখিল বড়ো ছাত্র সন্থাৰ সৈতে পুনৰ আলোচনা কৰা হব ।

আনহাতে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো- এ কয় যে শিক্ষা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা পিছত মন্ত্ৰী ৰণোজ পেগুৱে কোকৰাঝাৰলৈ আহিছে সেয়ে বি টি আৰৰ পৰা মন্ত্ৰীক আদৰণি জনোৱা হৈছে।

বডোলেণ্ডত দীৰ্ঘদিন ধৰি চলি অহা শিক্ষানুষ্ঠানৰ অপ্ৰাদেশিক সমস্যা, শিক্ষক নিযুক্তি সমস্যা আদি শৈক্ষিক সমস্যা সমাধান কৰা উদ্দেশ্য আজি আলোচনা কৰা হৈছে আৰু অসম চৰকাৰে আজি গ্ৰহণ কৰা সিদ্ধান্তক কাৰ্যকৰী কৰাত সহযোগিতা আগবঢ়াব বুলি বড়োৱে আশা প্ৰকাশ কৰে ।

অসমৰ আন এগৰাকী এক মন্ত্ৰী ইউ জি ব্ৰহ্মই উক্ত বৈঠকত অংশগ্ৰহণ কৰি আলোচনা ফলপ্ৰসূ হোৱা বুলি কৈ এনেধৰণৰ আলোচনা চলি থাকিলে সমস্যাৰ সমাধান নিশ্চয় হব বুলি আশা প্ৰকাশ কৰে।