NORTHEAST NOW (Assamese)

শিক্ষানুষ্ঠান, কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু নতুন শিক্ষাবৰ্ষ

May 27, 2020 12:03 pm · তাপস মালী
প্রতিনিধিত্বমূলক ফটো

বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ৰ’নাই মহামাৰী ৰূপ ধাৰণ কৰিছে। কৰ’না আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতে ৰ’ণাৰ জন্মস্হান চীনকো ইতিমধ্যে চেৰ পেলাইছে। এক কথাত মহামাৰী ৰ’নাই সম্প্ৰতি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই ৰোগৰ লগত যুঁজ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে পাৰ্যমানে চেষ্টা চলাই আছে।

এই ৰোগ যাতে সামাজিক সংক্ৰমণৰ পৰ্যায়লৈ বাগৰি যাব নোৱাৰে তাৰ বাবে প্ৰত্যেকজন বাহিৰৰ পৰা অহা লোকআক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোক তথা যিকোনো লক্ষণে দেখা দিয়া লোকসমূহক কোৱাৰেণ্টাইন (Quarantine) ৰখাৰো ব্যৱস্হা কৰা হৈছে।

বিভিন্ন স্কুলহোটেলষ্টেডিয়ামফিল্ডবিশ্ববিদ্যালয় আদিক কোৱাৰাণ্টেইন (Quarantine) বাবে ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ক কোৱাৰানটিন্ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে।

হয়তো অনাগত দিনত অসমৰ আন বিশ্ববিদ্যালয় সমূহো কোৱাৰাণ্টাইন কেন্দ্ৰলৈ পৰিণত কৰা পাৰে। কিন্তু প্ৰশ্ন হয়শিক্ষানুষ্ঠানসমূহক কোৱাৰাণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য?

যদি উদাহৰণস্বৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ কথাই আমি চাবলৈ যাওঁশোণিতপুৰ জিলা প্ৰশাসনে তাত ওদালগুৰিশোণিতপুৰবিশ্বনাথলখিমপুৰ আৰু ধেমাজি জিলাৰ অসমৰ পৰা বাহিৰৰ পৰা আহিবলগা লোকসকলৰ বাবে স্কেনিং আৰু কোৱাৰেণ্টাইন (Quarantine) ব্যৱস্হা কৰিছে।

তেজপুৰ বিশ্ববিদ্যালয় এখন আবাসিক বিশ্ববিদ্যালয়। বৰ্তমানেও বিশ্ববিদ্যালয়খনত প্ৰায় ৩৮০ টা পৰিয়াল বাস কৰাৰ লগতে প্ৰায় ২৫ জন মান বিদেশৰ ছাত্ৰছাত্ৰীয়ো আছে। গতিকে বিশ্ববিদ্যালয়খন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সম্প্ৰতি বিশ্ববিদ্যালয় চৌহদত থকা এই সকল লোকে যে শংকাত দিন কটাবলগীয়া হৈছে সেয়া নিশ্চিত।

ইয়ে তেওঁলোকৰ স্বাস্হ্যৰ ক্ষেত্ৰত ভাবুকি অনাৰ লগতে মানসিকভাৱেও তেওঁলোকৰ ওপৰত এক নেতিবাচক প্ৰভাৱ পেলাব। অকল যে চৌহদত থকা ছাত্ৰছাত্ৰীসকলেই শংকাত ভুগিছে তেনেকুৱা নহয়নিজ নিজ ঘৰত থকা ছাত্ৰছাত্ৰীসকলো নিজৰ শৈক্ষিক ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে।

কিয়নো তলাবন্ধ উঠাই দিয়াৰ পিছতো তেওঁলোক কি সাহত বিশ্ববিদ্যালয়লৈ উভতি যাব বা তেওঁলোকৰ পিতৃমাতৃয়ে কি সাহসত তেওঁলোকৰ সন্তানক শিক্ষানুষ্ঠানখনলৈ পঠিয়াবগতিকে অনতি পলমে ৰাজ্য চৰকাৰ তথা শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা কুৱাৰানটিন্ কেন্দ্ৰটো অন্য কোনো স্হানলৈ স্হানান্তৰিত কৰি এই লোকসকলক সকাহ দিয়াৰ বাবে ব্যৱস্হা কৰিব লাগে

আৰু লগতে অনাগত দিনবোৰত যাতে কোনো বিশ্ববিদ্যালয় তথা আবাসিক মহাবিদ্যালয় কোৱাৰাণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা নহয়, ৰাজ্য চৰকাৰে সেই কথাৰ আশ্বাস প্ৰদান কৰিব লাগে। কিয়নো শিক্ষাৰ্থীসকল হৈছে দেশৰ ভৱিষ্যত আৰু বৰ্তমানৰ সমস্যাৰ লগত মোকাবিলা কৰিবলৈ ভৱিষ্যতক সংকটত পেলোৱাতো কোনো কালেই গ্ৰহণযোগ্য নোৱাৰে। 

আকৌ, UGC য়ে নিজৰ নিৰ্দেশনাত তলাবন্ধৰ সময়ছোৱাত ছাত্ৰছাত্ৰীসকলৰ যাতে শৈক্ষিক দিশত কোনোধৰণৰ ক্ষতি নহয়,তাৰ বাবে অনলাইন পাঠদানৰ কথা উল্লেখ কৰিছে। কিন্তু এই ব্যৱস্হা কিমান দূৰ কাৰ্যকৰী কৰা সম্ভৱ হৈছে বা ছাত্ৰছাত্ৰীসকলে ইয়াৰ পৰা কিমান দূৰ লাভাৱান্বিত পাৰিছে সেইটোৱো এটা প্ৰশ্নৰ বিষয়।

অনলাইন পাঠদান ব্যৱস্হা গ্ৰহণৰ বাবে কম্পিউটাৰ বা লেপটপএনড্ৰইড মোবাইলইন্টাৰনেট সংযোগ আৰু বিজুলী বাতিৰ প্ৰয়োজন। কিন্তু আজিও অসমৰ ১০০ শতাংশ ছাত্ৰছাত্ৰীৰ যে কম্পিউটাৰলেপটপ বা এনড্ৰইড মোবাইল আছে সেইটো কোৱা টান আৰু মোবাইল বা লেপটপ থকা খিনিৰো যদি এই তলাবন্ধৰ সময়ত কিবা কাৰিকৰী বিজুটি ঘটে তেন্তে তাক ঠিক কৰাৰ বাবে কোনো দোকানৰ ব্যৱস্হাও নাই।

আকৌ অসমৰ ভিতৰুৱা গাঁওসমূহত নেটৱৰ্কৰ ইমান বেয়া অৱস্হা যে সেইবোৰ ঠাইত ঘৰৰ পৰা বাহিৰৰ কোনো মুকলি ঠাইত আহিলেহে ভালদৰে কথা পাৰি

গতিকে তেনেকুৱা ঠাইৰ ছাত্ৰছাত্ৰীয়ে কেনেদৰে নিজৰ শিক্ষাৰ ধাৰাবাহিকতা অনলাইন পাঠদানৰ জৰিয়তে বজাই ৰাখিব সেই কথা চিন্তা কৰাৰ থল আছে

ঠিক সেইদৰে এই গাৱসমূহত বিজুলী সংযোগৰ ব্যৱস্হাও ইমান সুবিধাজনক নহয়।বৰ্তমান সময়ত সঘনাই আহি থকা বতাহবৰুষুণৰ ফলস্বৰূপে বেছিভাগ সময়েই বিজুলী সেৱাৰ সুবিধা নাথাকে। যাৰ ফলত এই ছাত্ৰছাত্ৰীসকলে নিজৰ মোবাইল বা লেপটপ চাৰ্জ দিয়াৰ পৰা আৰম্ভ কৰি নিজৰ অনলাইন পাঠদান গ্ৰহণৰ লগতে নিজৰ এচাইন্টমেন্ট আদি সময়মতে কৰি জমা দিয়াৰ ক্ষেত্ৰত বহুত বেছি অসুবিধাৰ সন্মুখীন হৈছে।

বহুতো ঠাইত দিন পৰ্যন্ত বিজুলী নথকা বাবে গাঁৱৰ কাষৰ কোনোবা বেটাৰী থকা মানুহৰ ঘৰতো পইচাৰ বিনিময়ত চাৰ্জ কৰিব লগা হৈছে। মুঠৰ ওপৰত ছাত্ৰছাত্ৰীসকলৰ সমস্যাৰ অন্ত নোহোৱা হৈছে

এফালে যদি নিজৰ ছেমেষ্টাৰৰ যাৱতীয় কামকাজ কৰাৰ বাবে শিক্ষকশিক্ষয়িত্ৰীয়ে দিয়া কামৰ বোজাআনফালে আকৌ দেশ তথা ৰাজ্যত ক্ৰমাগত ভাৱে বাঢ়ি অহা ৰ’না আক্ৰান্তৰ খবৰবোৰে ছাত্ৰছাত্ৰী সকলক মানসিকভাৱে ভাগৰাই তুলিছে।

আকৌ এই সংকটৰ কালত দৈনিক অনলাইন ক্লাছৰ বাবে প্ৰয়োজন হোৱা ইন্টাৰনেটৰ বাবে ৰিছাৰ্জ কৰাটোও শিক্ষাৰ্থীসকলৰ বাবে এক ধৰণৰ সমস্যাৰ সৃষ্টি নকৰাকৈ থকা নাই।

এনেবোৰ পৰিস্হিতিৰ মাজতে আকৌ UGC-য়ে নতুন শিক্ষাবৰ্ষৰ সময় নিৰ্ধাৰণ কৰাটো কিমান দূৰ সমীচিন সেয়াও বিচাৰ্য বিষয়। যি সময়ত তলাবন্ধৰ বাবে চলিত বৰ্ষৰ শিক্ষাৰ্থী সকলে ভালদৰে শিক্ষা লাভ কৰিব পৰা নাই,১৬ মাৰ্চৰ পৰা অধিকাংশ শিক্ষানুষ্ঠানত পাঠদান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে,বহুতৰে চূড়ান্ত বৰ্ষত থকা ডিজাৰটেশ্যনপ্ৰজেক্ট আদিৰ কাম আধৰুৱা হৈ আছে।

ঠিক সেই সময়তে আকৌ আগন্তুক শিক্ষা বৰ্ষত নতুনকৈ শিক্ষাৰ্থীৰ নামভৰ্তি কৰিবৰ বাবে যি ধৰণৰ যোজা চলিছে সেইটোৱে পুনৰবাৰ এটা প্ৰশ্নৰ অৱতাৰণা কৰে যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্হাই শিক্ষাৰ গুণগত মানদণ্ডৰ ওপৰত কিমান গুৰুত্ব দিয়ে?

আজি যিখিনি চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীক যেনে তেনে বিদায় দি নতুন শিক্ষাৰ্থীৰ নামভৰ্তিৰ এক ধৰণৰ চিন্তাৰ আৰম্ভ কৰিছেসেই চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে এনেকুৱা কঠিন পৰিস্হিতিত পাবলগীয়া শিক্ষাখিনি লাভ কৰিব নেএইখিনি শিক্ষাৰ্থীয়ে ভৱিষ্যতলৈ নিজকে মানৱ সম্পদ হিচাপে গঢ় দিব পাৰিব নেআকৌ নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে যে ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব তাৰ নিশ্চয়তা কোনে প্ৰদান কৰিব?

নতুনকৈ আৰম্ভ বলগীয়া শিক্ষাবৰ্ষৰ সময়লৈ যে ৰ’নাৰ ভয়াৱহতা হ্ৰাস পাব তাৰেই বা নিশ্চয়তা ? গতিকে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে যাতে ভালদৰে নিজৰ শৈক্ষিক অৰ্হতা খিনি অৰ্জন কৰিব পাৰেতাৰ বাবে তলাবন্ধ খোলাৰ পিছত অন্ততঃ ৪৫ দিনৰ  পাঠদানৰ অন্তত পৰীক্ষাৰ আয়োজন কৰিব লাগে।

কিয়নো অকল শিক্ষাবৰ্ষৰ ধাৰাবাহিকতা ৰক্ষাৰ নামত এইদৰে এটা শিক্ষা বৰ্ষৰ অন্ত পেলাই আন এটা শিক্ষাবৰ্ষ আৰম্ভ কৰিব বিচৰাটো কেতিয়াও গ্ৰহণযোগ্য নোৱাৰে।

এনে ধৰণৰ ব্যৱস্হাৰ ফলত গোটেই শৈক্ষিক ব্যৱস্হাটো কেৱল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট কেন্দ্ৰিক হৈ পৰিব যাৰ ফলত আমাৰ দেশখনে অনাগত ভৱিষ্যতত দক্ষতাৰ ক্ষেত্ৰত অন্যান্য দেশৰ লগত প্ৰতিযোগিতাত ফেৰ মৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন ব।

গতিকে বিভাগীয় কৰ্তৃপক্ষ সমূহক এই সকলো দিশ ভালদৰে চালিজাৰি চাই নিজৰ সিদ্ধান্ত সমূহ পুনৰবাৰ বিবেচনা কৰাৰ বাবে অনুৰোধ থাকিল।

লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ

ফোন : ৭৫৭৭০৯৯৩৯৩

Related News