ঈদৰ বজাৰ দেখি ক’ৰ’নাক লৈ শংকিত হৈছে আজমল; কি আহ্বান জনালে মহিলাসকললৈ?

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদৰ দিন চমু চাপি আহিছে। পবিত্ৰ ৰমজান মান শেষ হোৱাৰ পিছতে ঈদ-উল-ফিতৰ পালন কৰিবলৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিজন লোকেই যথেষ্ট আগ্ৰহেৰে হৈ থাকে।

কিন্তু এইবাৰ বিশ্বব্যাপী দেখা দিয়া ক’ৰ’না ভাইৰাছৰ মহামাৰীয়ে ঈদৰ আনন্দ ম্লান কৰি পেলাইছে।

আন ৰাজ্যৰ লগতে অসমতো লকডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হৈছে যদিও চৰকাৰে এতিয়াও ধৰ্মীয় বা কোনোধৰণৰ জনসমাগমৰ অনুমতি দিয়া নাই।

ইয়াৰ মাজতে AIUDFৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি জনাই এক গুৰুত্বপূৰ্ণ আহ্বান।

‘সংবাদ মাধ্যমত দেখিছো, হোজাই, বৰপেটা, কলগাছিয়া আদি বজাৰত আমাৰ মুছলমান মহিলাসকলে বোৰ্খা পিন্ধি ভিৰ লগাই বজাৰলৈ গৈছে। সেইসকললৈ মোৰ প্ৰশ্ন বেমাৰ কিনিবলৈ গৈছে নে কাপোৰ কিনিবলৈ গৈছে?’ আজমলে কয়।

লকডাউন চলি থকাৰ সময়ত যাতে মহিলাসকলে ঈদৰ বজাৰ কৰিবলৈ নাযায় তাৰ আহ্বান জনাই তেওঁ কয়, ‘আপোনালোকে বজাৰৰ পৰা আঁতৰত থাকক। এইবাৰ ঈদত নতুন কাপোৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই। লাখ লাখ মা-ভনী খাবলৈ নাপাই ভোকত আছে।’

আজমলে লগতে কয়, ‘বজাৰৰ পেকেটত আপুনি গম নোপোৱাকৈ ক’ৰ’না বেমাৰ আহিব পাৰে। তেতিয়া ঈদৰ কাপোৰতকৈ ক’ৰ’না কিনি অনা হ’ব। যি বেমাৰে মৃত্যু নমাই আনিব পাৰে আপোনাৰ লগতে পৰিয়ালৰ’।

‘এইবাৰৰ ঈদত নতুন নহয় পুৰণি কাপোৰ ভালদৰে ধুই সকলোৱে পিন্ধিব। এয়া নতুন কাপোৰ লোৱা বতৰ নহয়’ আজমলে কয়।