আনন্দ-উৎসাহৰ মাজেৰে শিৱসাগৰৰ বিভিন্ন স্থানত ঈদ উদযাপন

সমগ্ৰ বিশ্বৰ লগতে আজি শিৱসাগৰতো পবিত্ৰ ঈদ উদযাপন কৰা হয়। শিৱসাগৰৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ এক মাহ ৰোজা ৰখাৰ অন্তত আজি ঈদ ঊল ফিটৰ পালন কৰে। পুৱাই চহৰৰ বিভিন্ন স্থানত মচজিদে মচজিদে ঈদৰ নামাজ পঢ়া হয়।
চহৰৰ কেন্দ্ৰীয় ঈদগাহ ৰংপুৰ আঞ্চলিক ঈদগাহ, বাবুপট্টি পুৰণা ঈদগাহ, হাতীখোক পুৰণা ঈদগাহ, ষ্টেশ্যন চাৰিআলি জুম্মা মছজিদ, চেৰেকাপাৰ জুম্মা মছজিদ, জেঙনিকটীয়া জুম্মা মছজিদ, টেক্সি আলি জুম্মা মছজিদৰ লগতে আন আন মছজিদত পুৱা ৮ বজাত ঈদৰ নামাজ পঢ়ে শিশুৰ পৰা বয়োজেষ্ঠ্য ইছলাম ধৰ্মাৱলম্বী লোকে।
আনহাতে ঈদৰ নামাজৰ অন্তত জেঙনিকটীয়া যুৱ জামাতে নামাজ আদায় কৰা লোকক তথা আন আন পথাচাৰীক বিভিন্ন ধৰণৰ খাদ্যৰে অপ্যায়ণ কৰে। ইফালে ঈদৰ নামাজৰ আগতে চহৰৰ ন’ ঠাইত ৰংপুৰৰ ৰেঙনি নামৰ এখন কিতাপ উন্মোচন কৰা হয়।
ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ মছজিদ সমুহ আতকধুনীয়াকৈ সজাই পৰাই তুলিছে। বিভিন্ন আলোক সজ্জাৰে উজলি উঠিছে মছজিদ সমূহ। চহৰৰ সমীপৰ নামতি চাৰিআলিত ঈদৰ উপলক্ষে আজানপীৰ দৰগাহৰ আৰ্হিত তোৰন নিৰ্মাণ কৰিছে।
তদুপৰি পবিত্ৰ ঈদ আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন ৰেচকিউৱে জেঙনিকটীয়া ঈদৰ নামাজত অংশ লোৱা ব্যক্তিসকলক একোটাকৈ গছপুলি প্ৰদান কৰে।