তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা, মানৱ সৰহবৰাহকাৰীৰ কবলৰ পৰা ৮ গৰাকী কিশোৰ উদ্ধাৰ

তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা। বুধবাৰে তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ লাউপাৰাত চলোৱা অভিযানত অৰুনাচললৈ নি থকা অৱস্থাৰ পৰা ৮ গৰাকীকৈ কিশোৰক উদ্ধাৰ ।

মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অপৰাধত চাৰি গাৰকীকৈ লোকক আটক আৰক্ষীৰ ৷
মানৱ সৰবৰাহত ব্যবহৃত এ এছ ১২ আৰ – ৮৪৯৬ নম্বৰৰ এখন মাৰুতি ব্ৰীজা আৰু এ এছ ০৫- এফ- ০৮৪৪ নম্বৰৰ অল্ট” বাহন জব্দ।

দুগৰাকী অৰুণাচলী লোকে তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ আঙাৰকাটা, ঢেকীয়াবস্তী আৰু ৩ নম্বৰ কালিপুৰ.অঞ্চলৰ পৰা আঠ গাৰকীকৈ কিশোৰক বিভিন্ন প্ৰলোভন দেখুৱাই বাহন দুখনেৰে অৰুনাচললৈ লৈ গৈ আছিল।
বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰী সংযোগী পথৰ লাউপাৰাত স্থানীয় আছু কৰ্মীৰ সহযোগত অভিযান চলাই চাৰিচকীয়া বাহন দুখন জব্দ কৰাৰ লগতে কিশোৰ কেইগৰাকীকক উদ্ধাৰ কৰে।

মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টেঞ্জিং সুদূপ(৪৮) আৰু ৰাম কুমাৰ তামাং(৪৫) , ওদালগুৰি জিলাৰ ভৈৰবকুণ্ডৰ যতীন কৰ্মকাৰ(৩০) আৰু তামুলপুৰ জিলাৰ মেশগুৰি গাঁওৰ সবিতা প্ৰধান(২৬) ক গ্ৰেপ্তাৰ আৰক্ষীৰ।

কুমাৰীকাটাৰ ঢেকীয়াবস্তি চকৰ পৰা অচিনাকি দুখন বাহনে কিশোৰ কেইজনক উঠাই লৈ অনা প্ৰত্যক্ষ কৰি আৰক্ষীৰ লগত যোগাযোগ কৰিছিল স্থানীয় লোকে।

পিছত কুমাৰিকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা, নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মইদুল ইসলামৰ সহযোগত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই স্থানীয় আছুৰ সহযোগত অভিযান চলাই কিশোৰ ৮ গৰাকীক উদ্ধাৰ কৰে।

বুধবাৰে নিশা তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ এ তামুলপুৰ আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।