ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডৰ এখন বিদ্যালয়ত ১৪ বছৰীয়া এজন ছাত্ৰই কমেও ৮ জন ছাত্ৰক গুলীয়াই হত্যা কৰে। এই ঘটনাত বিদ্যালয়খনৰ এজন নিৰাপত্তাৰক্ষীও নিহত হৈছে।
বাতৰি অনুসৰি, কিশোৰ ছাত্ৰগৰাকীৰ নিৰ্বিচাৰ গুলীচালনাত আন ৬ গৰাকী শিক্ষাৰ্থী আৰু এজন শিক্ষক আহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে দিয়া বিবৃতি অনুসৰি আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক: পুটিনক হত্যাৰ লক্ষ্যৰে ইউক্ৰেইনে ক্ৰেমলিনত চলাইছে ড্ৰ’ন আক্ৰমণ! অভিযোগ ৰাছিয়াৰ
এই ঘটনাৰ সৈতে জড়িত মধ্য বেলগ্ৰেডৰ ভ্লাডিস্লাভ ৰিবনিকাৰ স্কুলৰ এজন ১৪ বছৰীয়া ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
বাতৰি মতে, সন্দেহযুক্ত ধৃত ছাত্ৰজনে এই আক্ৰমণত তেওঁৰ পিতৃৰ বন্দুক ব্যৱহাৰ কৰিছিল। ঘটনাৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।