মহাৰাষ্ট্ৰৰ এটা কাৰখানা জ্বলি ছাৰখাৰ হৈ পৰিল। এই বিধ্বংসী অগ্নিকাণ্ডত ৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা।
দেওবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ এটা কাৰখানাত এই অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কাৰখানাটোৰ মালিকৰো মৃত্যু হয়। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, দেওবাৰে বিয়লি সোলাপুৰৰ আক্কলকোট পথৰ মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগম এলেকাত অৱস্থিত চেন্ট্ৰেল টেক্সটাইল মিলত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰায় ৩:৪৫ বজাত টাৱেল কাৰখানাত সংঘটিত হয় এই অগ্নিকাণ্ড।
এই ঘটনাত অগ্নিদগ্ধ হৈ কাৰখানাৰ মালিক হাজী উছমান হাছানভাই মনছুৰীৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালৰ তিনিজন সদস্যৰ লগতে কাৰখানাৰ চাৰিজন শ্ৰমিকৰো মৃত্যু হয়। এই ঘটনাত কাৰখানাৰ মালিকৰ ডেৰ বছৰীয়া নাতিয়েকৰো মৃত্যু হয়।
প্ৰায় ৫ ঘণ্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অনা হয়। প্ৰাৰম্ভিক তদন্তত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে শ্বৰ্ট চাৰ্কিটৰ পৰাই জুইৰ সূত্ৰপাত ঘটিছে। বিষয়াসকলে লগতে কয় যে অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিবলৈ চেষ্টা চলোৱা হৈছে।
ইপিনে, দেওবাৰে নিশা কেৰালাৰ কোঝিকোডতো সংঘটিত হয় এক অগ্নিকাণ্ড। তাত বাছ ষ্টেণ্ডৰ সমীপৰ এখন বস্ত্ৰ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড। কোঝিকোড জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া আশ্ৰাফ আলী কে এমৰ মতে প্ৰায় তিনি ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অনা হয়। তেওঁ লগতে কয় যে এই ঘটনাত কোনো লোক আহত হোৱা নাই। তাত নতুন বাছ ষ্টেণ্ডৰ সমীপৰ বজাৰত অগ্নিকাণ্ড সংঘটিত হয়।
দেওবাৰে নিশা দিল্লীতো সংঘটিত হয় দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে নিশা প্ৰায় ১১ বজাত পুৰণি ৰাজেন্দৰ নগৰ অঞ্চলৰ বাৰাবজাৰ পথৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড সংঘটিত হয়। কেন্দ্ৰটোৰ পঞ্চম আৰু ষষ্ঠ মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড। ৮খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।
ইয়াৰ পূৰ্বে নিশা প্ৰায় ৯:৩০ বজাত সৰোজিনী নগৰৰ তিনিখন দোকানত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া মনোজ কুমাৰে জনোৱা মতে, অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। কোনো লোক আহত হোৱা নাই।
উল্লেখ্য যে দেওবাৰে পুৱা হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপত বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই ঘটনাত ৮টি শিশুসহ কমেও ১৭ জন লোকৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি আৰ্থিক ক্ষতিপূৰণৰ কথা ঘোষণা কৰে।