• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! কুঁৱা চাফা কৰি থকা অৱস্থাত বিষাক্ত গেছত শ্বাসকষ্টত ভূগি ৮ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2025 10:26 am
173
VIEWS
Share on FacebookShare on Twitter

উৎসৱৰ প্ৰস্তুতি চলি থকাৰ মাজতে মধ্যপ্ৰদেশৰ এখন গাঁওত বিষাদৰ ছাঁ নামিছে। গংগৌৰ উৎসৱৰ বাবে চাফা কৰি আছিল কুঁৱাটো। সেই কুঁৱাটো চাফা কৰি থাকোঁতে শ্বাসৰুদ্ধ হৈ মৃত্যু হয় ৮ জন লোকৰ।

আৰক্ষীয়ে জনোৱা মতে, কুঁৱাটোত থকা বিষাক্ত গেছৰ বাবে মৃত্যু হৈছে আঠজন লোকৰ। এই মৰ্মান্তিক ঘটনা বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ খাণ্ডোৱা জিলাৰ চাইগাঁও মাখন অঞ্চলত সংঘটিত হয়।

সন্মুখত গংগৌৰ মহোৎসৱ। উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত এই উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়। চাইগাঁও মাখন অঞ্চলতো সেই উৎসৱৰ প্ৰস্তুতি চলি আছিল। এই উৎসৱটো ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ আৰু মিলনৰ স্মৃতিত পালন কৰা হয়। এই উৎসৱক শিৱ আৰু পাৰ্বতীৰ বিবাহৰ সুখৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। শিৱ-পাৰ্বতীৰ মূৰ্তিৰ পূজা আৰু অন্য ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত সেয়া জলাশয় বা কুঁৱাত বিসৰ্জন দিয়া হয়।

জিলা দণ্ডাধীশ ঋষভ গুপ্তা আৰু আৰক্ষী অধীক্ষক মনোজ কুমাৰ ৰাইয়ে জনোৱা মতে, গংগৌৰ উৎসৱৰ প্ৰস্তুতিৰ বাবে অঞ্চলটোৰ একাংশ লোক মূৰ্তি বিসৰ্জনৰ পূৰ্বে কুঁৱা চাফা কৰিবলৈ ভিতৰলৈ সোমাই গৈছিল। তেওঁলোকৰ ধাৰণা সেই কুঁৱাৰ পৰা বিষাক্ত গেছ নিৰ্গত হয়। তাৰ বাবেই শ্বাস-প্ৰশ্বাস বিকল হৈ আঠজন লোকৰ মৃত্যু হয়। পিছত কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় তেওঁলোকৰ মৃতদেহ।

জানিব পৰা মতে, প্ৰথমে এজন শ্ৰমিকে কুঁৱাটো চাফা কৰিবলৈ নামিছিল। তেওঁ ভিতৰতে অসুস্থ হৈ চেতনা হেৰুৱাই পেলায়। তেওঁক উদ্ধাৰ কৰিবলৈ এজন এজনকৈ আৰু সাতজন লোক নামি যায়। কিন্তু কোনেও বাচি নাথাকিল।

Recent News

আম্বানীৰ চিৰিয়াখানাত ফুটুকী হৰিণ এৰি দিয়াক লৈ বিতৰ্ক; পশু প্ৰেমৰ আঁৰত প্ৰৱঞ্চনাৰ অভিযোগ!

আম্বানীৰ চিৰিয়াখানাত ফুটুকী হৰিণ এৰি দিয়াক লৈ বিতৰ্ক; পশু প্ৰেমৰ আঁৰত প্ৰৱঞ্চনাৰ অভিযোগ!

এইবাৰ ১৬ বছৰতে ভোটাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে

এইবাৰ ১৬ বছৰতে ভোটাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে

ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, তথাপি সকাহ নাই মধ্যবিত্তৰ; সঞ্চয় নাই, মূল্যবৃদ্ধিয়ে কৰিছে কোঙা

ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, তথাপি সকাহ নাই মধ্যবিত্তৰ; সঞ্চয় নাই, মূল্যবৃদ্ধিয়ে কৰিছে কোঙা

মাছ-মাংসই বেয়া কৰে নেকি লিভাৰ? জানো আহক প্ৰকৃত সত্য

মাছ-মাংসই বেয়া কৰে নেকি লিভাৰ? জানো আহক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd