NORTHEAST NOW (Assamese)

মৰ্মান্তিক! কুঁৱা চাফা কৰি থকা অৱস্থাত বিষাক্ত গেছত শ্বাসকষ্টত ভূগি ৮ জনৰ মৃত্যু

April 4, 2025 10:26 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 4, 2025 10:27 am

উৎসৱৰ প্ৰস্তুতি চলি থকাৰ মাজতে মধ্যপ্ৰদেশৰ এখন গাঁওত বিষাদৰ ছাঁ নামিছে। গংগৌৰ উৎসৱৰ বাবে চাফা কৰি আছিল কুঁৱাটো। সেই কুঁৱাটো চাফা কৰি থাকোঁতে শ্বাসৰুদ্ধ হৈ মৃত্যু হয় ৮ জন লোকৰ।

আৰক্ষীয়ে জনোৱা মতে, কুঁৱাটোত থকা বিষাক্ত গেছৰ বাবে মৃত্যু হৈছে আঠজন লোকৰ। এই মৰ্মান্তিক ঘটনা বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ খাণ্ডোৱা জিলাৰ চাইগাঁও মাখন অঞ্চলত সংঘটিত হয়।

সন্মুখত গংগৌৰ মহোৎসৱ। উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত এই উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়। চাইগাঁও মাখন অঞ্চলতো সেই উৎসৱৰ প্ৰস্তুতি চলি আছিল। এই উৎসৱটো ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ আৰু মিলনৰ স্মৃতিত পালন কৰা হয়। এই উৎসৱক শিৱ আৰু পাৰ্বতীৰ বিবাহৰ সুখৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। শিৱ-পাৰ্বতীৰ মূৰ্তিৰ পূজা আৰু অন্য ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত সেয়া জলাশয় বা কুঁৱাত বিসৰ্জন দিয়া হয়।

জিলা দণ্ডাধীশ ঋষভ গুপ্তা আৰু আৰক্ষী অধীক্ষক মনোজ কুমাৰ ৰাইয়ে জনোৱা মতে, গংগৌৰ উৎসৱৰ প্ৰস্তুতিৰ বাবে অঞ্চলটোৰ একাংশ লোক মূৰ্তি বিসৰ্জনৰ পূৰ্বে কুঁৱা চাফা কৰিবলৈ ভিতৰলৈ সোমাই গৈছিল। তেওঁলোকৰ ধাৰণা সেই কুঁৱাৰ পৰা বিষাক্ত গেছ নিৰ্গত হয়। তাৰ বাবেই শ্বাস-প্ৰশ্বাস বিকল হৈ আঠজন লোকৰ মৃত্যু হয়। পিছত কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় তেওঁলোকৰ মৃতদেহ।

জানিব পৰা মতে, প্ৰথমে এজন শ্ৰমিকে কুঁৱাটো চাফা কৰিবলৈ নামিছিল। তেওঁ ভিতৰতে অসুস্থ হৈ চেতনা হেৰুৱাই পেলায়। তেওঁক উদ্ধাৰ কৰিবলৈ এজন এজনকৈ আৰু সাতজন লোক নামি যায়। কিন্তু কোনেও বাচি নাথাকিল।

Related News