বিয়া কৰাবলৈ যোৱাৰ পথত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত দৰাকে ধৰি পৰিয়ালৰ ৮ জন সদস্য নিহত হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উত্তৰ প্ৰদেশৰ সম্বল জিলাত শনিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, চালকজনে অতি তীব্ৰ বেগত এছ ইউ ভি গাড়ীখন চলাই আহিছিল। গাড়ীখনত দৰাকে ধৰি পৰিয়ালৰ আঠজন সদস্য আছিল।
অত্যধিক গতিৰ বাবে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই জেওৱানৈ গাঁৱৰ জনতা ইণ্টাৰ কলেজৰ দেৱালত খুন্দা মৰাৰ ফলত গাড়ীখন বাগৰি পৰে। গাড়ীখনত ড্ৰাইভাৰকে ধৰি দহজন লোক আছিল। বিয়া পাতিবলৈ গৈ আছিল সুৰজে। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ পাঁচজন সদস্যৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, চম্বল জিলাৰ হৰ গোবিন্দপুৰ গাঁৱৰ পৰা বদায়ু জিলাৰ ছিৰতোল গাঁৱৰ কইনাৰ ঘৰলৈ গৈ আছিল দৰা আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যসকল। পথতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। নিহতসকলৰ ভিতৰত দুটি শিশুও আছে।
দুৰ্ঘটনাটোত থিতাতে ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়। গুৰুতৰভাৱে আহত দুজনক আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত আছে সুৰজ (২৪), আশা (২৬), ঐশ্বৰ্য (২), আৰু বিষ্ণু (৬)।
আৰক্ষীয়ে জনোৱা মতে গাড়ীখনত যাত্ৰীৰ বোজা বেছি আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চালকজনে তীব্ৰ বেগেৰে গাড়ী চলাই আছিল। দুৰ্ঘটনাৰ পিছতে গাড়ীখন ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।