সোমবাৰে পুৱা ঝাৰখণ্ডৰ বোকাৰো জিলাৰ লুগু পাহাৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কোব্ৰা কমাণ্ডো আৰু স্থানীয় আৰক্ষীৰ সৈতে হোৱা তীব্ৰ সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। কৰ্তৃপক্ষৰ মতে, অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে।
বোকাৰো জিলাৰ লালপানিয়া অঞ্চলৰ লুগু পাহাৰত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সোমবাৰে পুৱা ৫:৩০ বজাত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে।
জংঘল যুদ্ধৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত চি আৰ পি এফৰ ২০৯ কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন (কোব্ৰা)ই এই অভিযানৰ নেতৃত্ব দিয়ে। ঝাৰখণ্ড আৰক্ষীৰ সহায়ত চলোৱা এই অভিযানত নিহত হয় ৮ জন মাওবাদী। সংঘৰ্ষৰ সময়ত কোনো নিৰাপত্তাৰক্ষীৰ সদস্য আহত হোৱা নাই।
অভিযানৰ অন্তত নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা এ কে ছিৰিজ ৰাইফল, তিনিটা ইনছাছ ৰাইফল, এটা ছেল্ফ লোডিং ৰাইফল (এছ এল আৰ), আঠটা দেশত নিৰ্মিত বন্দুক আৰু এটা পিষ্টল উদ্ধাৰ কৰে। তদুপৰি নক্সালবাদীৰ পৰা গোলাবাৰুদ আৰু অন্যান্য সা-সামগ্ৰীও উদ্ধাৰ কৰা হয়।
ঝাৰখণ্ডৰ ডিজিপিয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত এজন মাওবাদী নেতা বিবেকো আছে যাৰ মূৰৰ মূল্য ১ কোটি টকা ঘোষণা কৰা হৈছিল।
এই অভিযান কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা নক্সাল আৰু মাওবাদীক নিৰ্মূল কৰাৰ পৰিকল্পনাৰ অংশ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ কৈছিল, “মোডী চৰকাৰে নক্সালৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। আত্মসমৰ্পণ নকৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য ছত্তীশগড়তো তীব্ৰতৰ হৈ পৰিছে অভিযান। ঝাৰখণ্ডত নক্সালসকলৰ বিৰুদ্ধে চলি থকা অভিযানো তাৰেই অংশ।
লুগু পাহাৰ (বোকাৰো) অঞ্চলটো দীৰ্ঘদিন ধৰি নক্সালবাদীৰ দুৰ্গ হিচাপে পৰিচিত হৈ আহিছে। চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত চোৰাংচোৱা ব্যুৰো আৰু স্থানীয় আৰক্ষীৰ তথ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অভিযান শেষ হোৱাৰ পিছতো অঞ্চলটোত তালাচী অব্যাহত আছে। ঝাৰখণ্ড আৰক্ষীৰ মুখপাত্ৰ অমল হোমকাৰে কয় যে, “আমি অহৰহ তথ্য লাভ কৰি আছো। চূড়ান্ত হতাহতৰ পৰিসংখ্যা নিশ্চিত কৰিবলৈ অধিক সময় লাগিব।”
শেহতীয়াকৈ ছত্তীশগড়ৰ চুকমা জিলাত ১৭ জন নক্সালক হত্যা কৰা হৈছে। চত্তীশগড়ত চলিত বৰ্ষত মুঠ ১৩২ জন নক্সালক হত্যা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নীতি আৰু নিৰাপত্তা বাহিনীৰ সমন্বিত প্ৰচেষ্টাৰ বাবে নক্সালবাদীৰ ওপৰত হেঁচা বাঢ়িছে। নক্সালবাদীয়ে আত্মসমৰ্পণ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে অমিত শ্বাহে।
নক্সালৰ বিৰুদ্ধে যুঁজত এই অভিযানক এক বৃহৎ সফলতা বুলি গণ্য কৰা হ’লেও ইয়াৰ প্ৰভাৱ স্থানীয় জনগোষ্ঠীৰ ওপৰত পৰিব পাৰে। নক্সালবাদীয়ে প্ৰায়ে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনগোষ্ঠীৰ পৰা সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে। কিন্তু চৰকাৰৰ আত্মসমৰ্পণ নীতি আৰু পুনৰ্বাসন প্ৰকল্পৰ জৰিয়তে বহু নক্সাল মূলসুঁতিলৈ ঘূৰি আহিছে। এই অভিযানে অঞ্চলটোত শান্তি ঘূৰাই অনাৰ সম্ভাৱনা থাকিলেও দীৰ্ঘম্যাদী সমাধানৰ বাবে স্থানীয় উন্নয়ন আৰু জনসাধাৰণৰ আস্থা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ।