NORTHEAST NOW (Assamese)

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৮৬লৈ বৃদ্ধি

August 28, 2020 10:10 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৮৬লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শিৱসাগৰৰ চাবিনা য়াছমিন (৩৮), ডিব্ৰুগড়ৰ সুবৰ্ণ কুমাৰ গগৈ (৬৩) আৰু মামণি বৰুৱা (৪৫), তিনিচুকীয়াৰ দুৰ্গাধৰ দাস (৫৯), কামৰূপ মহানগৰৰ হৰবিন্দৰ সিং (৪৯), গোলাঘাটৰ দীপাঞ্জলি কাকতি (৬৭) আৰু অমন পাল (৭০) আৰু কামৰূপৰ মাণিক দাস (৮০)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৃহস্পতিবাৰলৈকে অসমত ২৭৮গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৭৯,৩০৭গৰাকী ব্যক্তিয়ে অসমত বৃহস্পতিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৃহস্পতিবাৰলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৯,২১৯ (।)

বৃহস্পতিবাৰলৈকে অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৮,৮০৭ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News