NORTHEAST NOW (Assamese)

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি

September 8, 2020 10:31 pm · এন ই নাও নিউজ

আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ওদালগুৰিৰ আজিজুৰ ৰহমান (৫৩), হোজাইৰ ৰীনা ভূঞা শইকীয়া (৬৩), কামৰূপ মহানগৰৰ ভানু চন্দ্ৰ দে (৬৬), ডিব্ৰুগড়ৰ পৰাগ কুমাৰ বৰা (৫৩) আৰু দিলীপ কুমাৰ ফুকন (৫৪), কাছাৰৰ শানু সূত্ৰধৰ (৩৭), যোৰহাটৰ অঞ্জলি ৰাণী দত্ত (৬০) আৰু বঙাইগাঁৱৰ ৰাজেশ সুবেদী (৪১)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত সোমবাৰলৈকে ৩৭০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৯৯,০৭৩গৰাকী ব্যক্তিয়ে সোমবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত সোমবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৮,৭৯৮ (।)

মুঠ ১,২৮,২৪৪গৰাকী ব্যক্তি অসমত সোমবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News