অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮গৰাকী আৰক্ষী বিষয়ালৈ সাহসিকতাৰ পদক

Assam-policemen-1140x570

অসম আৰক্ষী।

অসমৰ পাঁচগৰাকী আৰু অৰুণাচল প্ৰদেশৰ তিনিগৰাকীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮গৰাকী আৰক্ষী বিষয়ালৈ তেওঁলোকৰ সাহসী ভূমিকাৰ বাবে সাহসিকতাৰ বঁটাৰে সন্মানিত কৰা হৈছে।

শনিবাৰে ভাৰতৰ ৭৪সংখ্যক স্বাধীনতা দিৱসত তেওঁলোকক এই সন্মানেৰে সন্মানিত কৰা হ’ব।

অসমৰ অনুপম গোৱালা(উপ-পৰিদৰ্শক), কুশল দাস(কনিষ্টবল),তিথেশ্বৰ শইকীয়া(কনিষ্টবল), অশ্বিনী কুমাৰ শইকীয়া(কনিষ্টবল),চাম হুপ চাকাপ (কনিষ্টবল) আৰু অৰুণাচল প্ৰদেশৰ নৱদ্বীপ সিং ব্ৰাৰ(আৰক্ষী অধীক্ষক), টাবি বেজ(পৰিদৰ্শক) আৰু জিয়াউদ্দিন আনছাৰী (হেড কনিষ্টবল)ক সাহসিকতাৰ বঁটাৰ আৰক্ষী পদকেৰে সন্মানিত কৰা হৈছে।

স্বাধীনতা দিৱস উপলক্ষে মুঠ ৯২৬গৰাকী আৰক্ষী বিষয়ালৈ আৰক্ষী পদক আগবঢ়োৱা হৈছে।

সাহসিকতাৰ বাবে আৰক্ষী পদক ২১৫ গৰাকী আৰক্ষী বিষয়ালৈ তেওঁলোকৰ বিশেষ সাহসী কাৰ্যৰ বাবে আগবঢ়োৱা হৈছে।

৮০গৰাকী আৰক্ষী বিষয়াক তেওঁলোকৰ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু ৬৩১গৰাকী আৰক্ষী বিষয়াক তেওঁলোকৰ উল্লেখযোগ্য সেৱাৰ বাবে আৰক্ষী পদক আগবঢ়োৱা হৈছে।

২১৫গৰাকী সাহসিকতা বঁটা প্ৰাপ্তৰ ভিতৰত সৰ্বাধিক ১২৩গৰাকীক জম্মু আৰু কাশ্মীৰত দেখুওৱা সাহসিক কাৰ্যৰ বাবে প্ৰদান কৰা হৈছে আৰু ২৯গৰাকীক বাওপন্থী সন্ত্ৰাসসবাদ অধ্যুষিত অঞ্চলত দেখুওৱা সাহিসকতামূলক কাৰ্যৰ বাবে দিয়া হৈছে।

সাহসিকতা বঁটা লাভ কৰা বিষয়াসকলৰ ভিতৰত ৫৫গৰাকী চিআৰপিএফ, ৮১গৰাকী জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ, ২৩গৰাকী উত্তৰ প্ৰদেশৰ,১৬গৰাকী দিল্লী আৰক্ষীৰ, ১৪গৰাকী মহাৰাষ্ট্ৰৰ আৰু ১২গৰাকী ঝাৰখণ্ডৰ।

বাকী আন সকল অন্য ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বিষয়া।