NORTHEAST NOW (Assamese)

গুৱাহাটীত ৪ জন, অসমত একেদিনাই চিনাক্ত ৮ ক’ভিড-১৯ পজিটিভ

May 7, 2020 10:31 pm · কল্পজ্যোতি শইকীয়া
Updated: May 7, 2020 10:37 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

চাৰিজন ব্যক্তি গুৱাহাটীত বৃহস্পতিবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

ফলত একেদিনাই ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত ব্যক্তি অসমত আঠজনলৈ বৃদ্ধি পাইছে।

গুৱাহাটীত চিনাক্ত হোৱা এজন অসমৰ বাহিৰৰ পৰা অহা আৰু তেওঁ হ’ম কুৱাৰেণ্টাইনত আছিল।

তাৰ পূৰ্বে আজিৰ দিনটোত কাছাৰৰ চাৰিজন লোকৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰিছিল।

ৰাজস্থানৰ আজমেৰৰ পৰা এখন বাছত কালি এইকেইজন লোক শিলচৰত আহি উপস্থিত হৈছিল।

উক্ত বাছখনত অহা এজন লোক ইতিমধ্যে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছিল।

বাছখনত অহা ৪২গৰাকী যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক কাছাৰ জিলা প্ৰশাসনে হ’ম কুৱাৰেণ্টাইন কৰিছে।

তাৰোপৰি জিলাখনৰ এঘাৰখন গাঁৱক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

অসমত বৰ্তমানলৈকে ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৫৩গৰাকী লোক।

তাৰে এজন লোকে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে ৩৪ জনে আৰোগ্য লাভ কৰিছে।

বৰ্তমান ১৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Related News