Explosives attack in Colombia: কলম্বিয়াত ভয়াবহ বিস্ফোৰক আক্ৰমণত ৮ জন আৰক্ষী বিষয়া নিহত

Explosives attack in Colombia পশ্চিম কলম্বিয়াত এক ভয়াবহ বিস্ফোৰক আক্ৰমণত ৮ জন আৰক্ষী বিষয়া নিহত হৈছে। স্থানীয় সময় অনুসৰি শুকুৰবাৰে দেশখনৰ চান লুইছ অঞ্চলত এই আক্ৰমণ সংঘটিত হয়।

দেশখনৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে এই আক্ৰমণক তেওঁৰ সময়ৰ আটাইতকৈ বৃহৎ আক্ৰমণ বুলি মন্তব্য কৰিছে।

পেট্ৰোৱে টুইটাৰত কয়, ‘’এই ধৰণৰ আক্ৰমণবোৰ দেশৰ শান্তি প্ৰতিষ্ঠাৰ বাটত এক ডাঙৰ অন্তৰায়। মই কৰ্তৃপক্ষক ঘটনাটোৰ তদন্তৰ বাবে হাতে কামে সক্ৰিয় হ’বলৈ নিৰ্দেশ দিছো।‘’

লগতে পঢ়ক: দিল্লীৰ প্ৰবসুৱা চিঠিঃ লুইতক ভেটিব কোনে?

ৰাষ্ট্ৰপতি পেট্ৰোৱে অৱশ্যে এই আক্ৰমণত কোন জড়িত আছে সেই বিষয়ে বিশদ একো উল্লেখ কৰা নাই।

উল্লেখ্য গুস্তাভো পেট্ৰোৱে আগষ্টৰ আৰম্ভণিতে কলম্বিয়াৰ প্ৰথম বাওঁপন্থী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেওঁ আৰ্থ-সামাজিক অসমতা দূৰীকৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত শক্তিশালী স্থিতিৰ লগতে দেশখনত শান্তি প্ৰতিষ্ঠা আৰু ড্ৰাগছৰ বিৰুদ্ধে ‘বিফল’ যুদ্ধৰ অৱসান ঘটোৱাৰ প্ৰতিশ্ৰুতি দিছে।

লগতে পঢ়ক: অঘটন! অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথম জয়; ৰায়ানৰ দুৰ্দান্ত বলিঙেৰে ইতিহাস গঢ়িলে জিম্বাবুৱেই

ইপিনে, বাওঁপন্থী চৰকাৰ গঠন হোৱাৰ এমাহৰো কম সময়ৰ ভিতৰতে দেশখনত এই ভয়াবহ ৰক্তাক্ত ঘটনাটো সংঘটিত হৈছে।