NORTHEAST NOW (Assamese)

জীয়াই থকাৰ আশা কম…! ৪৮ ঘণ্টাৰ পাছতো তেলেংগানাৰ সুৰংগতে আবদ্ধ হৈ আছে ৮ শ্ৰমিক

February 24, 2025 5:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 24, 2025 3:52 pm

৪৮ ঘন্টা পাৰ হৈ গ’ল। এই পৰ্যন্ত তেলেংগানাৰ এটা সুৰংগত আবদ্ধ হৈ থকা ৮ জন শ্ৰমিকক উদ্ধাৰ কৰা সম্ভৱ হোৱা নাই। তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা অতি কম বুলি দাবী কৰিছে ৰাজ্যৰ মন্ত্ৰী কৃষ্ণ ৰাৱে।

শনিবাৰে শ্ৰীশৈলাম মথাউৰিৰ সমীপৰ এটা ভাঙি পৰা সুৰংগত আবদ্ধ হৈ আছে ৮ জন শ্ৰমিক। তেলেংগানাৰ মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক জুপল্লী কৃষ্ণ ৰাৱে কয় যে, “৮ জন লোকৰ ভিতৰত ৪ জন শ্ৰমিক আৰু ৪ জন নিৰ্মাণ শ্ৰমিক। সকলোৰে জীয়াই থকাৰ সম্ভাৱনা অতি কম। বৃহৎ পৰিমাণৰ পানী আৰু বোকা থকাৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে। সুৰংগটোৰ ভিতৰত বোকা জমা হৈছে, যাৰ বাবে খোজ কঢ়াটো অসম্ভৱ হৈ পৰিছে। কিন্তু আমি এতিয়াও আশা এৰি দিয়া নাইকেইবাটাও ৰাজ্যিক সংস্থাই উদ্ধাৰ অভিযান চলাই আছে।

উল্লেখ্য যে ২০২৩ চনত উত্তৰাখণ্ডত ছিলকিয়াৰা সুৰংগ অভিযানত অংশগ্ৰহণ কৰা বীৰ দলটোৰ ৬ জন সদস্যইও এই উদ্ধাৰ অভিযানত যোগদান কৰিছে।

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ফোনযোগে মুখ্যমন্ত্ৰী ৰেন্ত ৰেড্ডীক ফোন কৰি সমগ্ৰ পৰিস্থিতিৰ সন্দৰ্ভত সোধা-পোছা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰেৱন্ত ৰেড্ডীক ফোন কৰি উদ্ধাৰ প্ৰচেষ্টাৰ বিষয়ে সোধা-পোছা কৰে।

দেওবাৰে মুখ্যমন্ত্রীয়ে কয় যে তেওঁ দিনে-নিশাই পৰিস্থিতি নিৰীক্ষণ কৰি আছে৷ তেওঁ সুৰংগটোৰ পৰা পানী নিষ্কাশন কৰি অতি সোনকালে অক্সিজেন যোগান ধৰিবলৈ অনুৰোধ জনাযইছে। এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক জগৰীয়া কৰিছে বি আৰ এছৰ কাৰ্যকৰী সভাপতি কে টি ৰামা ৰাৱে। চৰকাৰী গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

Related News