ৰাছিয়াৰ ভয়াবহ আক্ৰমণৰ ফলত ইউক্ৰেইনত এক মানৱিক সংকটে দেখা দিছে। ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে ৰাছিয়ান সেনাৰ সৈতে তুমুল সংঘৰ্ষত লিপ্ত হোৱাৰ পৰিণতিত যুদ্ধখন আৰু অধিক জটিল হৈ পৰিছে।
ৰাছিয়াৰ সেনাবাহিনীৰ আক্ৰমণৰ পিছৰে পৰা এতিয়ালৈকে ইউক্ৰেইনৰ পৰা জাৰ্মানীত ১৮হাজাৰ শৰণাৰ্থীয়ে আশ্ৰয় লৈছে। শুকুৰবাৰে জাৰ্মানীৰ গৃহ বিভাগৰ মুখপাত্ৰই এই তথ্য সদৰী কৰে।
লগতে পঢ়ক: ৰাছিয়াক ইউক্ৰেইনত ‘গুলীবৰ্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা বন্ধ কৰিবলৈ’; আহ্বান অভিনেতা আদিল হুছেইনৰ
জাৰ্মানীত আশ্ৰয় লোৱাসকলৰ ভিতৰত ১৫হাজাৰ হৈছে ইউক্ৰেইনৰ বাসিন্দা। বাকী ৩হাজাৰ হৈছে আন দেশৰ নাগৰিক।
জাৰ্মানীৰ গৃহ বিভাগৰ মুখপাত্ৰই লগতে কয়,’’ইউক্ৰেইন বা দেশখনত থকা আন দেশৰ নাগৰিকসকলে এই যুদ্ধকালীন সময়ত ইউৰোপীয় ইউনিয়নৰ দেশসমূহত আশ্ৰয় ল’বই পাৰে। তদুপৰি, ইউক্ৰেইনৰ বাসিন্দাসকলে ৰাজনৈতিক আশ্ৰয়ো বিচাৰিব পাৰে।‘’