• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰমাণু বোমাৰ ধাৰণাৰ জন্ম পোৱা আইনষ্টাইনৰ চিঠিখন; আকাশলংঘী দামত বিক্ৰী হ’ব নিলামত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2024 8:00 am
8.9k
VIEWS
Share on FacebookShare on Twitter

আঠ দশকৰো অধিক পূৰ্বে লিখা এখন চিঠি। বিক্ৰী হ’ব ৪০ লাখ মাৰ্কিন ডলাৰত! স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পাৰে, সেই চিঠিখনৰ বিশেষত্ব কি? আচলতে গোটেই পৃথিৱীৰ ইতিহাসত এনে চিঠি বোধহয় কমেইহে পোৱা যাব যাৰ গৰ্ভত লুকাই আছে পাৰমাণৱিক অস্ত্ৰৰ জন্মকাহিনী!

চিঠিখনৰ প্ৰেৰকজন হৈছে বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন। চিঠিখন লাভ কৰা ব্যক্তিজন আছিল তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডি ৰুজভেল্ট। এই চিঠিখনেই এইবাৰ নিলাম কৰা হ’ব।

এই চিঠিখন ক’ত আছিল? মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক পল এলেনৰ হাতত আছিল এই ‘পত্ৰ বোমা’! ব্ৰিটিছ নিলাম প্ৰতিষ্ঠান ক্ৰীষ্টিজে চিঠিখন নিলাম কৰিব। ১৯৩৯ চনৰ ২ আগষ্টৰ এই পত্ৰখন নূন্যতম ৪০ লাখ মাৰ্কিন ডলাৰত বিক্ৰী হ’ব। ভাৰতীয় মুদ্ৰাত সেইটো ৩৩ কোটি টকাতকৈও অধিক।

সেই চিঠিখনত ঠিক কি আছে? তাত আইনষ্টাইনে আমেৰিকাৰ ৰাষ্ট্ৰপতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ অনুৰোধ কৰে। কাৰণ তেওঁৰ আশংকা আছিল, সেই মাৰণাস্ত্ৰ হয়তো অতি সোনকালে নাজী জাৰ্মানীৰ ঘাটিলৈ আহিব।

ইতিহাসৰ ওপৰত সামান্য দৃষ্টি ৰখা সকলোৱে জানে যে ৰুজভেল্টে আইনষ্টাইনৰ প্ৰস্তাৱত সন্মতি দিছিল। আৰু তেনেকৈয়ে আৰম্ভ হয় মানহাটান প্ৰজেক্ট। জে ৰবাৰ্ট অপেনহাইমাৰ দায়িত্বত আছিল। কেইবছৰমানৰ ভিতৰতে ইয়াতেই পাৰমাণৱিক বোমা নিৰ্মাণ কৰা হ’ল।

ইয়াৰ পিছত ১৯৪৫ চনৰ আগষ্ট মাহত হিৰোচিমা আৰু নাগাচাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ ভয়ংকৰ প্ৰভাৱ দেখি সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল। পৰৱৰ্তী সময়ৰ পৃথিৱীত যি ৰোপণ কৰিলে সেয়া হৈছে আশংকা আৰু অনাস্থাৰ নতুন বীজ। পৰমাণু বোমা (Atom Bomb) সভ্যতাৰ আটাইতকৈ বিধ্বংসী অস্ত্ৰ হৈ পৰিল!

উল্লেখ্য যে আইনষ্টাইনৰ চিঠি ইয়াৰ পূৰ্বেও বিপুল দামত বিক্ৰী হৈছিল। ২০২১ চনত আপেক্ষিকতাবাদৰ ওপৰত তেওঁৰ এখন চিঠি১ কোটি ৩০ লাখ ডলাৰত বিক্ৰী হৈছিল। ৰুজভেল্টলৈ লিখা চিঠিখন ইমান মূল্যত বিক্ৰী নহ’লেও ই নিশ্চিত যে ইয়াৰ দ্বাৰা পূৰ্বতে তেওঁৰ ঈশ্বৰ আৰু ধৰ্মৰ ওপৰত লিখা পত্ৰখন বিক্ৰী হোৱা ২৮ লাখ ডলাৰৰ অংকক ই সহজেই অতিক্ৰম কৰিব। 

Recent News

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd