তিনি ৰাজ্যৰ বিধান পৰিষদৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

index.jpgmm

বুধবাৰে নিৰ্বাচন আয়োগে তিনিখন ৰাজ্যৰ বিধান পৰিষদৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

বিহাৰ, অন্ধপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ উচ্চ সদনৰ মুঠ ১৫ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন।

আয়োগে ঘোষণা কৰা অনুসৰি অহা ২৮ জানুৱাৰীত পুৱা ৯ বজাৰপৰা আবেলি ৪ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

একদিনাই ভোট গণনা আৰম্ভ হ’ব সন্ধিয়া ৫ বজাৰ পৰা।

উল্লেখ্য যে বিহাৰ বিধান পৰিষদৰ সদস্য বিনোদ নাৰায়ণ ঝা আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ সুশীল কুমাৰ মোদীৰ আসন দুখন খালী হৈ আছে।

মোদীয়ে ৰাজ্যসভাৰ সাংসদ আৰু ঝা-এ বিধায়ক হিচাপে নিৰ্বাচনত হোৱাৰ পিছতে দুয়োজনেই বিধান পৰিষদৰ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ ফলত দুয়োখন আসন খালী হৈ আছে।

ইফালে অন্ধপ্ৰদেশত তেলেগু দেশম পাৰ্টি ত্যাগ কৰি উচ্চ সদনৰ পদো ত্যাগ কৰিছিল পুতুলা চুনিতাই। তেতিয়াৰে পৰা অন্ধপ্ৰদেশৰ উচ্চ সদনৰ এখন আসন খালী হৈ আছে।

আনহাতে উত্তৰ প্ৰদেশত উচ্চ সদনৰ সৰ্বাধিক ১২ খন আসন খালী হৈ আছে।