NORTHEAST NOW (Assamese)

উত্তৰ-পূবৰ প্ৰথম : ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ এন পি পিৰ

June 7, 2019 6:40 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰাক্তন লোকসভা অধ্যক্ষ, প্ৰয়াত পূৰ্ণ এ চাংমাৰ স্বপ্নৰ ৰাজনৈতিক দল নেশ্যনেল পীপলছ পাৰ্টি, চমুকৈ এন পি পিক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিলে নিৰ্বাচন আয়োগে।

ইয়াৰ লগে লগে বৰ্তমান কনৰাড চাংমাৰ নেতৃত্বত থকা দলটো ৰাষ্ট্ৰীয় স্বীকৃতি পোৱা উত্তৰ-পূবৰ প্ৰথমটো ৰাজনৈতিক দলত পৰিণত হয়।

আজি স্বীকৃতি পোৱাৰ কথা ঘোষণা কৰি দলটোৰ অধ্যক্ষ তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ে ইয়াৰ বাবে দলটোৰ সকলোকে অভিনন্দন জনায়। তেওঁ এই স্বীকৃতিক তেওঁৰ পিতৃ তথা দলটোৰ প্ৰতিষ্ঠাপক প্ৰয়াত পূৰ্ণ এ চাংমালৈ উচৰ্গা কৰে।

“এইটো কেৱল এন পি পিৰ সাফল্য নহয়, উত্তৰ-পূবৰ জনগণৰ সমৰ্থন আৰু দলটোৰ ওপৰত স্থাপন কৰা বিশ্বাসৰ প্ৰাপ্তি”, সমগ্ৰ উত্তৰ-পূববাসীক কৃতজ্ঞতা জ্ঞাপনেৰে কনৰাড চংমায়ে এটা টুইটত কয়।

তেওঁ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতিয়ে ইয়াৰ সকলো সদস্যক অনুপ্ৰাণিত কৰাৰ লগতে অঞ্চলটো আৰু ইয়াৰ জনগণৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিবলৈ সক্ষম কৰি তুলিব বুলি মন্তব্য কৰে।

এন পি পি দলটো ২০১৩ চনৰ জানুৱাৰি মাহত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ, প্ৰয়াত পূৰ্ণ আগিতোক চাংমাৰ নেতৃত্বত গঠন হৈছিল। গাৰো সম্প্ৰদায়ৰ বৰ্ষীয়ান নেতা তথা উত্তৰ-পূবৰ অন্যতম প্ৰভাৱশালী সাংসদগৰাকীয়ে নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ পৰা ওলাই আহিয়েই দলটোৰ জন্ম দিছিল। দলটো গঠনৰ পিছতে ২০১৩ চনত প্ৰথম সফলতা পাইছিল ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত ৪খন আসন দখলেৰে।

লগতে পঢ়ক এন পি পিক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰিব নিৰ্বাচন আয়োগে

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এটা দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ বাবে অতি কমেও চাৰিখন ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতি পাব লাগিব।

এন পি পিয়ে বৰ্তমান মেঘালয়ত ২১জন বিধায়কেৰে চৰকাৰ গঠন কৰি থকাৰ লগতে দলটোৰ অৰুণাচল প্ৰদেশত ৫জন আৰু মণিপুৰত ৪জন বিধায়ক আছে। তাৰোপৰি উত্তৰ পূবৰ প্ৰায়কেইখন ৰাজ্যতে দলটোৱে নিৰ্বাচনত প্ৰাৰ্থী দিয়ে।

ভাৰতত এই পৰ্যন্ত ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত দল আছে ৭টা।

Related News