NORTHEAST NOW (Assamese)

ক’ভিড নিয়মাৱলী প্ৰয়োগত সম্পূৰ্ণ ব্যৰ্থ হৈছে নিৰ্বাচন আয়োগ : কলকাতা উচ্চ ন্যায়ালয়

April 23, 2021 5:47 pm · এন ই নাও নিউজ
ক’ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিৰ্দেশাৱলীসমূহ প্ৰয়োগৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।

কলকাতা উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই অভিযোগ উত্থাপন কৰিছে।

বৃহস্পতিবাৰে বিচাৰপীঠখনে পোলিং বিষয়াসকলে ভোটগ্ৰহণৰ সময়ত ক’ভিড নিৰ্দেশাৱলীসমূহ সঠিকভাৱে পালন কৰা নাই বুলি কয়।

তদুপৰি ৰাজ্যখনৰ নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানসমূহতো ব্যাপকভাৱে ক’ভিড নিৰ্দেশাৱলীসমূহ ভংগ কৰা হৈছে বুলিও তেওঁ কয়।

মুখ্য ন্যায়াধীশ টিবিএন ৰাধাকৃষ্ণনে পৰ্যবেক্ষণ কৰে যে ভাৰতৰ নিৰ্বাচন আয়োগৰ ক’ভিড নীতিসমূহ প্ৰয়োগ কৰাৰ সম্পূৰ্ণ ক্ষমতা আছে কিন্তু এইক্ষেত্ৰত আয়োগ ব্যৰ্থ হৈছে।

তেওঁ কয় যে আয়োগৰ এই নিষ্ক্ৰিয়তা অনুমতি প্ৰদান কৰিব নোৱাৰি।

এইক্ষেত্ৰত উচ্চ ন্যায়ালয় নিৰ্বাচন আয়োগক লৈ সন্তুষ্ট নহয় বুলি জনায়।

ৰাধাকৃষ্ণনে কয় যে নিৰ্বাচন আয়োগে এই সময়ছোৱাত ‘সাধাৰণ দৰ্শক’ৰ দৰে আচৰণ কৰিছে।

বিষয়টো লৈ উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে পুনৰ ভাৰ্চুৱেলী শুনানি গ্ৰহণ কৰিব।

তদুপৰি নিৰ্বাচনী আয়োগক এই সংক্ৰান্তত এখন শপতনামা (affidavit) জমা দিবলৈ কোৱা হৈছে।

Related News