হাগ্রামাক ভাবুকি দিয়াৰ অভিযোগত হিমন্ত বিশ্বলৈ জাননী নিৰ্বাচন আয়োগৰ

২ এপ্ৰিলৰ বিয়লি ৫ বজাৰ ভিতৰত স্পষ্ট কৰিব লাগিব স্থিতি

Himanta-Biswa-Sarma-2-750x375

বিপিএফৰ মুৰব্বী তথা প্ৰাক্তন বিটিচি চীফ হাগ্ৰামা মহিলাৰীক নিয়াৰ হতুৱাই গ্ৰেপ্তাৰ কৰাই জে’ললৈ প্ৰেৰণ কৰিব বুলি ভাবুকি দি এতিয়া কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৩০ মাৰ্চত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে অভিযোগ দাখিল কৰাৰ পিছতে আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সচিব অজয় কুমাৰ বাৰ্মাই হিমন্ত বিশ্বলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

জাননী খনত কাইলৈ অৰ্থাৎ ২ এপ্ৰিলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জাননীৰ উত্তকৰ প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে সাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মাই নিয়াৰ হতুৱাই হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ কৰোৱাই জে’ললৈ প্ৰেৰণ কৰিব বুলি ভাবুকি দিছিল।

“হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠিয়াম বুলি ব্লেক মেইল কৰিবলৈ হিমন্তই সাহস কত পালে”  বুলি প্ৰশ্ন কৰিছিল কংগ্ৰেছে।

এই প্ৰসংগতে কংগ্ৰেছে নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাক প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিব লাগে আৰু তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিব লাগে বুলিও দাবী জনাইছিল।

মঙ্গলবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি কয় “হিমন্ত বিশ্ব শৰ্মাই কত ইমান সাহস পালে হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠিয়াম বুলি কবলৈ? তেওঁৰ হাতত যদি পূৰ্বতেই এই সন্দৰ্ভত বহু তথ্য আছিল তেনেহলে তেওঁ অসম পুলিচৰ ওচৰত এই তথ্য সমূহ জমা দিব লাগিছিল নাইবা যদি নিৰ্বাচনৰ সময়ত  তেওঁ এই তথ্য সমূহ পাবলৈ সক্ষম হৈছে তেনেহলে কোনে তেওঁক এই তথ্য সমূহ যোগান ধৰিছে?”