NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আপৰ :  শোণিতপুৰ সমষ্টিৰ বাবে নিৰ্বাচনী প’ষ্টাৰ মুকলি

February 22, 2024 3:27 pm ·

অসমৰ তিনিটাকৈ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতাৰ বাবে ব্যাপক তৎপৰতাৰে দলীয় কাম কাজ আৰম্ভ কৰিছে আম আদমী পাটিয়ে। 

বৃহস্পতিবাৰে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই তেজপুৰত দলৰ সমষ্টিভিত্তিক কাৰ্যালয় উদ্বোধন কৰাৰ লগতে সংবাদমেলত মুকলি কৰে আম আদমী পাটিৰ নিৰ্বাচনী প’ষ্টাৰ। 

দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ ফটো সম্বলিত প’ষ্টাৰ মুকলি কৰি দলৰ নেতা ৰাজেশ শৰ্মাই বিৰোধী দলসমূহে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ জৰিয়তে বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনায়। 

গুৱাহাটী লোকসভা সমষ্টিত ডাঃ  ভবেন চৌধুৰী, শোণিতপুৰত ধাষিৰাজ কৌণ্ডিন্য আৰু ডিব্ৰুগড়ত মনোজ ধানোৱাৰৰ সবল গণভিত্তি থকা বুলিও দাবী কৰে দলৰ নেতাগৰাকীয়ে। 

বৃহস্পতিবাৰে শোণিতপুৰৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধান সভা সমষ্টি আৰু ১৭৬ টা গাওঁ পঞ্চায়তত দলীয় কাৰ্যালয় উদ্বোধন কৰা হয়।

তদুপৰি ১ মাৰ্চৰ পৰা দলে “অসমতো কেজৰিৱাল” শীৰ্ষক এক কাৰ্যসূচী আৰম্ভ কৰিব বুলিও সংবাদ মাধ্যমক অৱগত কৰে নেতাগৰাকীয়ে। 

সংবাদ মেলত আপৰ নেতাগৰাকীয়ে কয় যে বিজেপিৰ অপশাসনৰ পৰা দেশবাসীক উদ্বাৰ কৰাৰ যাৰ্থত গঠন হোৱা ইণ্ডিয়া মিত্ৰজোটৰ শক্তিশালী অংশীদাৰ আম আদমী পাটি। আম আদমী পাটিৰ লক্ষ্য ঐক্যবদ্ধ ভাৱে বিজেপিক পৰাজিত কৰা।সেইবাবেই অসমত দলে তিনিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ লগতে আন ১১ টা সমষ্টি কংগ্ৰেছ তথা অন্যান্য বিৰোধী দললৈ এৰি দিছে।

সংবাদমেলত দলৰ শোণিতপুৰৰ ঘোষিত প্ৰাৰ্ধী ঋষিৰাজ কৌণ্ডিন্যও উপস্থিত থাকে। উল্লেখ্য যে ঋষিৰাজ কৌণ্ডিন্য নটসূৰ্য ফণী শৰ্মাৰ নাতি।

Related News