• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যসভাৰ ৫৬খন আসনৰ বাবে নিৰ্বাচন; ইণ্ডিয়া মিত্ৰজোঁটৰ বাবেও আশাৰ খবৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2024 10:37 am
1.4k
VIEWS
Share on FacebookShare on Twitter

ডিচেম্বৰ মাহত হিন্দী বলয়ৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ নিৰংকুশ বিজয় আৰু দেওবাৰে বিহাৰত ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন হোৱাৰ পিছতো কিন্তু ৰাজ্যসভাত, য’ত শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ আধাতকৈও কম আসন আছে তাত অহা মাহত ৰাজ্যসভাৰ নিৰ্বাচনত বিশেষ পৰিৱৰ্তনৰ সম্ভাৱনা কম।

সোমবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে এপ্ৰিল মাহত খালী হবলগীয়া ১৫খন ৰাজ্যৰ ৫৬খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। অহা ২ এপ্ৰিলত ৫০ জন সদস্যই অৱসৰ লোৱাৰ বিপৰীতে পিছদিনা ৬ জন সদস্যই অৱসৰ ল’ব। বৰ্তমান উচ্চ সদনৰ ২৩৮ জন সদস্যৰ ভিতৰত ১০৯ জন এন ডি এ মিত্ৰজোঁটৰ আৰু ৮৯ জন ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহৰ অন্তৰ্গত।

কাৰ্যকাল সমাপ্ত হোৱা সাংসদসকলৰ ভিতৰত বিজেপিৰ সভাপতি জে পি নাড্ডা; প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং; কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱ, অশ্বিনী বৈষ্ণৱ, মানসুখ মাণ্ডব্য, ভি মুৰলীধৰণ, আৰু নাৰায়ণ ৰাণে, বিজেপিৰ মুখ্য মুখপাত্ৰ অনিল বালুনী আৰু সমাজবাদী পাৰ্টিৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনো আছে।

লগতে পঢ়কঃ ‘এয়া ষ্টেচন নহয়, বিচাৰিলেই যিকোনো ৰে’লত উঠিব নোৱাৰি’, অধিবক্তাক শিষ্টাচাৰ শিকালে মুখ্য ন্যায়াধীশে

কাৰ্যকাল সমাপ্ত হবলগীয়া ৫৬ জন সাংসদৰ ভিতৰত ২৮ জন বিজেপি আৰু ১০ জন কংগ্ৰেছৰ। বিজেপিয়ে প্ৰায় একে সংখ্যক আসন ধৰি ৰখাৰ সম্ভাৱনা আছে যদিও কংগ্ৰেছে ৯খন আসন লাভ কৰিব আৰু বিহাৰত মিত্ৰ দলৰ সহায়ত আৰু এখন আসন পোৱাৰ আশা কৰিব পাৰে।

সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ)। ইয়াৰ তিনিজন সাংসদ অৱসৰ লোৱাৰ লগতে বিগত মাহত তেলেংগানাত বি আৰ এছক ক্ষমতাৰ পৰা উৎখাত কৰা কংগ্ৰেছে দুখন আসন লাভ কৰিবলৈ সাজু হৈছে।

উত্তৰ প্ৰদেশত সৰ্বাধিক ১০খন আসন খালী হ’ব, তাৰ পিছতে মহাৰাষ্ট্ৰ আৰু বিহাৰ (৬খনকৈ), মধ্যপ্ৰদেশ আৰু পশ্চিম বংগ (৫খনকৈ), কৰ্ণাটক আৰু গুজৰাট (৪খনকৈ), ওড়িশা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থান (৩খনকৈ) আসন খালী হ’ব) আৰু উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু ছত্তীশগড়ত এখনকৈ আসন খালী হব।

উত্তৰ প্ৰদেশত ১০জন অৱসৰ লবলগীয়া সদস্যৰ ভিতৰত ৯জন বিজেপিৰ যদিও বিজেপিয়ে ৭খনতহে জয়ী হোৱাৰ সম্ভাৱনা আছে। ২০১৭ চনত ৪৭ৰ পৰা ২০২২ চনত ১১১ বিধানসভাৰ সদস্যলৈ বৃদ্ধি পোৱা সমাজবাদী পাৰ্টিয়ে বাকী তিনিটা বাছি ল’ব। কিন্তু বিহাৰত বিজেপিয়ে লাভ কৰিব এখন আসন। খালী হবলগীয়া ৬ খনৰ ভিতৰত দুজনকৈ জেডি(ইউ) আৰু আৰজেডিৰ আৰু এজনকৈ বিজেপি আৰু কংগ্ৰেছৰ। বিধানসভাৰ বৰ্তমানৰ শক্তিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি আৰু আৰজেডিয়ে দুখনকৈ আৰু জেডি(ইউ)ৰ এখন আসন লাভ কৰিব। ষষ্ঠখন আসন লাভৰ সংখ্যা আৰজেডি নেতৃত্বাধীন বিৰোধীৰ হাতত আছে, যাৰ প্ৰতি কংগ্ৰেছে চকু ৰাখিছে।

লগতে পঢ়কঃ বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ৩০ জানুৱাৰী

আন এক আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হ’ব মহাৰাষ্ট্ৰত য’ত বিগত বিধানসভা নিৰ্বাচনৰ পিছত এন চি পি আৰু শিৱসেনাৰ বিভাজন হৈছে। সাম্প্ৰতিক শক্তিৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছে আৰামদায়ক বিজয়ৰ দৃষ্টি নিক্ষেপ কৰি থকাৰ সময়তে বিজেপি, মুখ্যমন্ত্ৰী একনাথ শিণ্ডে নেতৃত্বাধীন শিৱসেনা আৰু অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিৰ শাসকীয় মহাজোঁটে ৬খন আসনৰ ভিতৰত ৫খন আসন দখল কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছে ষষ্ঠ আসনখন লাভ কৰিব।

মহাৰাষ্ট্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়াসকলৰ ভিতৰত আছে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালিথৰণ, কেন্দ্ৰীয় মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ মন্ত্ৰী নাৰায়ণ ৰাণে আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰ, কংগ্ৰেছৰ কুমাৰ কেটকাৰ, শৰদ পাৱাৰৰ সৈতে জড়িত এন চি পিৰ সদস্য বন্দনা চৱন আৰু শিৱসেনাৰ (উদ্ধৱথাকৰে) সদস্য অনিল দেশাই।

ডিচেম্বৰ মাহত বিজেপিয়ে জয়লাভ কৰা হিন্দী বলয়ৰ তিনিখন ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত ফলাফল কম বেছি পৰিমাণে একে হ’ব। মধ্যপ্ৰদেশত অৱসৰ গ্ৰহণ কৰিবলগীয়া পাঁচজন সদস্যৰ ভিতৰত চাৰিজন বিজেপি আৰু এজন কংগ্ৰেছৰ। বৰ্তমান দুয়োটা দলৰ শক্তিৰ ওপৰত ভিত্তি কৰি ফলাফল একেই থকাৰ সম্ভাৱনা আছে। ৰাজস্থানত বিজেপিৰ দুজন সদস্য আৰু কংগ্ৰেছৰ এজন সদস্যই অৱসৰ গ্ৰহণ কৰিব। আৰু দলসমূহৰ একে সংখ্যক সাংসদ নিৰ্বাচন কৰাৰ ক্ষমতা আছে। ছত্তীশগড়ত বিজেপিৰ এজন সদস্যই অৱসৰ গ্ৰহণ কৰিব আৰু পুনৰ আসনখন লাভ কৰিব দলটোৱে।

গুজৰাটৰ আসন হেৰুৱাব কংগ্ৰেছে। অৱসৰ লোৱা চাৰিজন সদস্যৰ ভিতৰত দুজনকৈ বিজেপি আৰু কংগ্ৰেছৰ। চাৰিওজনে এতিয়া বিজেপিত যোগদান কৰিব। ওড়িশাত অৱসৰপ্ৰাপ্ত সদস্যসকলৰ ভিতৰত দুজন শাসকীয় বিজু জনতা দলৰ আৰু এজন বিজেপিৰ। তিনিওজনেই এতিয়া বিজেডিলৈ যাব। উত্তৰাখণ্ড আৰু হাৰিয়ানাত খালী হৈ থকা একমাত্ৰ আসন বিজেপিয়ে ধৰি ৰাখিব, আনহাতে হিমাচল প্ৰদেশত কংগ্ৰেছে লাভ কৰিব যিখন আসনৰ পৰা জে পি নাড্ডাই অৱসৰ ল’ব।

লগতে পঢ়কঃআজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব ১৩০ ফুট দৈৰ্ঘ্যৰ গ্ৰহাণু; জনাইছে নাছাই

কৰ্ণাটকত কংগ্ৰেছৰ তিনিজন সাংসদ আৰু বিজেপিৰ এজন সাংসদ অৱসৰ গ্ৰহণ কৰিব আৰু নিৰ্বাচনৰ পিছত ফলাফল একেই হ’ব। আন এক আমোদজনক পৰিৱৰ্তন হ’ব অন্ধ্ৰ প্ৰদেশত। বিজেপি, টিডিপি আৰু শাসকীয় ৱাইএছআৰ কংগ্ৰেছৰ এজনকৈ সদস্যই অৱসৰ গ্ৰহণ কৰিব। বৰ্তমানৰ শক্তিৰ ওপৰত ভিত্তি কৰি তিনিওখন আসন ৱাই এছ আৰ কংগ্ৰেছলৈ যাব।

ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু কংগ্ৰেছৰ মাজত সকলো ঠিকঠাক নাথাকিলে পশ্চিম বংগত এই নিৰ্বাচন আকৰ্ষণীয় হ’ব। পাঁচখন আসনৰ ভিতৰত বৰ্তমান তৃণমূলৰ চাৰিখন আৰু কংগ্ৰেছৰ এখন আসন। বৰ্তমানৰ শক্তিৰ ওপৰত ভিত্তি কৰি তৃণমূলে হয়তো পুনৰ চাৰিখনে পাব আৰু পঞ্চম আসনখন বিজেপিলৈ যাব।

Recent News

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ অসম আৰু মিজোৰামত

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ অসম আৰু মিজোৰামত

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমাচল প্ৰদেশ; ভয়ংকৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমাচল প্ৰদেশ; ভয়ংকৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd