২০১৯ৰ ডিচেম্বৰৰ ভিতৰত গুৱাহাটীলৈ সম্প্ৰসাৰণ হ’ব বৈদ্যুতিক ৰে’ল লাইন : ৰাজেন গোহাঁই

Rajen-Gohain-768x489

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

অহা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব বহু প্ৰত্যাশিত বগীবিল দলং। দলং মুকলি অনুষ্ঠানত উপস্থিত থাকিব ৰে’ল মন্ত্ৰী পীযুষ গোৱেল, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু। আজি সংবাদমেল যোগে এই কথা জনায় কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে।

নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত গোহাঁয়ে কয়, ‘২০০২ চনতে ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও লেহেমীয়া গতিৰ বাবে দলংখন সম্পূৰ্ণ হওঁতে ইমান বছৰ লাগিল। কিন্তু আমাৰ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ দলঙখনৰ নিৰ্মাণ কাৰ্য পাঁচ বছৰতে সম্পন্ন কৰিলে’।

কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনত কাম লেহেমীয়া হোৱাৰ বাবে দলংখন সম্পূৰ্ণ হওঁতে ইমান বছৰৰ প্ৰয়োজন হ’ল বুলিও সংবাদমেলৰ জৰিয়তে পূৰ্বৰ চৰকাৰক সমালোচনা কৰে মন্ত্ৰী গোহাঁয়ে। তদুপৰি আটক ধুনীয়া আলোকসজ্জাৰে বগীবিল দলং সজাই পৰাই তোলা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

‘ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰিয়ে বগীবিল দলঙৰ নামাকৰণ কৰা হ’ব। যদিহে কোনো অসমীয়াৰ নামত দলংখনৰ নামাকৰণ কৰা হয় সেয়া ভাল হ’ব’। সংবাদমেলত এই কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে আজিৰ সংবাদমেলতে মন্ত্ৰী গোহাঁয়ে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে উত্তৰ-পূবলৈ ৩০খন নতুন ৰে’ল চলাৰ লগতে অতি শীঘ্ৰে শিলঘাটৰ পৰা কলকাতালৈও ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হ’ব। তদুপৰি ২০১৯ৰ ডিচেম্বৰৰ ভিতৰত গুৱাহাটীলৈ বৈদ্যুতিক ৰে’ল লাইনৰ সম্প্ৰসাৰণ কৰা হ’ব।

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে শিলঘাটৰ পৰা দিল্লী আৰু দক্ষিণ ভাৰতলৈ ৰে’ল চলাচল কৰাৰ পৰিকল্পনা কৰা বুলিও জানিবলৈ দিয়ে। জখলাবন্ধা ষ্টেশ্যনৰ উন্নীতকৰণ কৰি কাজিৰঙাক ৰে’ল যোগাযোগেৰে সামৰাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদমেলত কয় গোহাঁয়ে।

‘শীঘ্ৰে বাংলাদেশৰ চিতাগঙ আৰু ম্যানমাৰৰ সৈতে আৰম্ভ হ’ব ৰে’ল যোগাযোগ। এই ৰে’লসেৱাৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্য সমূহলৈ নতুন বাণিজ্যিক সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব’। এই মন্তব্য কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী গোহাঁইৰ।