NORTHEAST NOW (Assamese)

মৰ্মান্তিক! বিদ্যুত বিভাগৰ চৰম গাফিলতিত কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ কৰ্মচাৰীৰ মৃত্যু

June 19, 2021 1:24 pm · কাজি জেইদুল ইছলাম
ফটো: নর্থইষ্ট নাও।

বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অধীনত ঘটিছে এক অঘটন।

বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ ফলত পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত চালাইকাঠি গাওঁ পঞ্চায়তৰ এটা এঘাৰ হাজাৰ ভল্টৰ বিদ্যুতৰ খুটাত এজন অস্থায়ী কৰ্মচাৰী কাম কৰিবলৈ উঠিছিল।

সেই সময়তে বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিদ্যুৎ সংযোগ দি দিয়াৰ ফলত কৰ্মচাৰীজন বিদ্যুৎস্পৃষ্ট হৈ খুটাৰ পৰা তললৈ পৰি যায়।

বিদ্যুত বিভাগৰ কৰ্মচাৰীজনক সংকটজনক অবস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল যদিও কৰ্মচাৰীজনৰ ইতিমধ্যে মৃত্যু হয়।

বিদ্যুৎ বিভাগৰ কৰ্মচাৰী জনৰ নাম অমিত ইংতি বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বেও বিশ্বনাথ জিলা বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

এতিয়া প্ৰশ্ন উঠিছে বিদ্যুৎ বিভাগে কিয় প্ৰতিবাৰে অস্থায়ী কৰ্মচাৰীক বলিৰ পঠা সজাই আহিছে? এতিয়া কোনে ল’ব অস্থায়ী কৰ্মচাৰীজনৰ পৰিয়ালৰ সমস্ত দায়িত্ব?

স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক পৰিয়ালৰ সমস্ত দায়িত্ব লোৱাৰ বাবে দাবী কৰাৰ লগতে এক নিৰপেক্ষ তদন্তৰো দাবী কৰিছে।

Related News