NORTHEAST NOW (Assamese)

গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

January 15, 2024 4:51 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

দেওবাৰে নিশা গোলাঘাট জিলাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা হাতীৰ। গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙীৰ লেটেকুজান অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

প্ৰাৰম্ভিক খবৰ অনুসৰি বিগত ছমাহ ধৰি মৰঙী অঞ্চলত এজাক বনৰীয়া হাতীৰ জাক ঘূৰি ফুৰিছিল।

জাকৰ পৰা সৰু এটা দলে যোৱা এসপ্তাহ ধৰি লেটেকুজানত অৱস্থান কৰি আছিল।

লগতে পঢ়কঃ হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

উৰুকাৰ নিশা লেটেকুজানত থকা গোটটোৰ এটা হাতী ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহে। ফলত হাতীটোৰ তৎক্ষণাত মৃত্যু হয়।

ঘটনাস্থলীত বন বিভাগৰ বিষয়া উপস্থিত হৈ মৃত হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে।

বিদ্যুৎস্পৃষ্ট হোৱাৰ সঠিক কাৰণৰ তদন্ত এতিয়াও অব্যাহত আছে।

লগতে পঢ়কঃ ‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

কিন্তু ঘাইপথৰ ওচৰত বিদ্যুৎবাহী তাঁৰৰ উপস্থিতিয়ে বন্যপ্ৰাণীৰ বাবে বিশেষকৈ পৰিভ্ৰমণৰ গতিবিধিৰ সময়ত যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে।

বন বিভাগৰ বিষয়াই ঘটনাটোৰ এক তদন্ত আৰম্ভ কৰিছে। 

Related News