NORTHEAST NOW (Assamese)

হাতী মানুহৰ সংঘাত : বোকাখাতত বনৰীয়া হাতীৰ আক্ৰমণত  নিহত এজন লোক

December 7, 2023 12:33 pm · উত্তম কুমাৰ শৰ্মা, বোকাখাত

গোলাঘাট জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হৈছে এগৰাকী সআধাৰণ নাগৰিক।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কাজিৰঙা বন বিভাগৰ লোকৰ উপস্থিতিতে বন্যহস্তীয়ে লোকজনক আক্ৰমণ কৰে। 

সূত্ৰ অনুসৰি, বনবিভাগৰ লোকৰ সৈতে নিশা বনৰীয়া হাতী খেদিবলৈ যাওতেই হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই লোকজনে।

নিহত লোকজন বোকাখাতৰ কান্ধুলিমাৰি গাঁৱৰ বগাই ওৰাং বুলি জানিব পৰা গৈছে। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলী বনাঞ্চলৰ সমীপৰ কান্ধুলিমাৰি গাঁওত  সংঘটিত হয় এই ঘটনা।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে বনবিভাগৰ লোক ঘটনাস্থলীৰ পৰা পলাই যায় বুলি অভিযোগ কৰিছে স্থানীয়ে ৰাইজে।এই লৈ নিশা অগৰাতলি বনাঞ্চলিক কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

Related News