NORTHEAST NOW (Assamese)

বিশ্বনাথত ৰে’লৰ খুন্দাত মৃত্যু বন্যহস্তীৰ: যোৰহাটত বোকাত সোমাই মৃত্যু ডেৰমহীয়া পোৱালীৰ

November 28, 2023 8:22 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত দুই পৃথক ঘটনাত প্ৰাণ হেৰুৱাইছে দুটাকৈ বন্যহস্তীয়ে। বিশ্বনাথ জিলাত ৰে’লৰ খুন্দাত এটা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে যোৰহাটত বোকাত পৰি এটা ডেৰমহীয়া হাতী পোৱালীৰ।

বিশ্বনাথৰ বিহালীৰ বুৰৈ ঘাটৰ সমীপত ৰে’লৰ খুন্দাত মৃত্যু হয় এটা বনৰীয়া হাতী। সোমবাৰে নিশাই এই ঘটনা সংঘটিত হয় যদিও আজি পোহৰলৈ আহে হাতীটোৰ মৃত্যুৰ খবৰ।

প্ৰকাশিত খবৰ অনুসৰি, হাতীৰ এটা জাক খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল।

জাকটোৱে ৰে’লপথ পাৰ হোৱাৰ সময়তে নাহৰলগুন-গুৱাহাটী ড’নি প’লো এক্সপ্ৰেছে খুন্দা মাৰে এটা হাতীক। এই খুন্দাত লগে লগে মৃত্যু হয় হাতীটোৰ।

ইফালে যোৰহাটৰ তিতাবৰত বোকা গাঁতত পৰি মৃত্যু হয় ডেৰ মহীয়া হাতী পোৱালি এটাৰ। জাকৰ পৰা হেৰাই যোৱা পোৱালীটো সোমবাৰে নিশাই গাঁতত পৰাৰ ফলত মৃত্যুমখত পৰে।

যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ ৰঙাজানৰ সমীপত সংঘটিত হয় এই ঘটনা। মৰিয়নিৰ সমীপত থকা ওচৰৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই আহিছিল হাতী জাকটো।

বনকৰ্মীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাঁতৰ পৰা পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰে।

Related News