এছিয়াৰ বিখ্যাত সোনপুৰ মেলালৈ হাতী অনাৰ আহ্বান বিহাৰ চৰকাৰৰ! বেচা-কিনা চলাৰ শংকাত প্ৰকৃতি প্ৰেমী

Sonpur Mela

সোনপুৰ মেলাৰ ফাইল ফটো। উৎস : ইণ্টাৰনেট।

এছিয়াৰ সৰ্ববৃহৎ পশুৰ বজাৰ বিহাৰৰ সোনপুৰ মেলা আজিৰ পৰা আৰম্ভ হৈছে আৰু এই বৃহৎ পশুমেলাখনত হাতীৰ ক্ৰয়-বিক্ৰয়ৰ শংকা দেখিছে বন্যপ্ৰাণী সংৰক্ষণকৰ্মীসকলে।

এই শংকাৰ কাৰণ হ’ল, বিহাৰ চৰকাৰে ইতিপূৰ্বে বিহাৰ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ হাতীৰ গৰাকীসকলক সোনপুৰ মেলালৈ নিমন্ত্ৰণ কৰিবলৈ এখন নজনীয়া সদস্যৰ কমিটী গঠন কৰি দিছে।

জানিব পৰামতে, ২০০০ চনত এই মেলাখনলৈ হাতী অনা নিষিদ্ধ কৰি দিয়া হৈছিল। ২০১৮ চনত মাত্ৰ ১টা হাতীকহে মেলাখনলৈ অনা হৈছিল।

কমিটীখনৰ এজন সদস্য মুনমুন সিঙে কৈছে এইবাৰ তেওঁলোকে নিচে কমেও ৫০টা হাতী অনা হ’ব বুলি আশা কৰি আছে।

প্ৰতিবছৰৰ নৱেম্বৰ-ডিচেম্বৰ মাহত হোৱা এই মেলাখন গংগা আৰু গণ্ডক নদীৰ সংগমস্থলীত অনুষ্ঠিত হয়। এইবাৰ ১১ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ এইখন অনুষ্ঠিত হ’ব।

কথিত আছে যে এই সোনপুৰ মেলা চন্দ্ৰগুপ্ত মৌৰ্য্য (খ্রী: পূ: ৩৪০-২৯৭)ৰ দিনৰে, য’ত ৰজাই গংগা উপত্যকাত হাতী আৰু ঘোঁৰা কিনিছিল। মেলাখনৰ প্ৰধান আকৰ্ষণ আছিল হাতী বজাৰ, য’ত শাৰী শাৰীকৈ হাতীবোৰ বিক্ৰীৰ বাবে ৰখাই থোৱা হৈছিল।

মেলাখনত মুক্তভাৱে হাতী বিক্ৰী কৰা হয়। তথ্যমতে, ২০০১ চনত ৯২টা হাতী বিক্ৰী হৈছিল। আটাইতকৈ বেছি হাতী বিক্ৰী হৈছিল ২০০৪ চনত, ৩৫৪টা।

এই মেলাত বিক্ৰী হোৱা হাতীবোৰৰ বেছি সংখ্যকেই অসম আৰু অৰুণাচল প্ৰদেশৰ আৰু ক্ৰেতাসকল হ’ল কেৰালা, তামিল নাডু আৰু কৰ্ণাটকৰ।

অসমৰ প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী প্ৰেমী লোকসকল বিহাৰ চৰকাৰৰ সোনপুৰ মেলালৈ হাতী আনিবলৈ কৰা আহ্বানক লৈ শংকা প্ৰকাশ কৰিছে। “এইটো অবৈধ কাৰবাৰ”, এজন বন্যপ্ৰাণী প্ৰেমীয়ে কয়।

তেওঁ লগতে কয়, “ই এটা ডাঙৰ সুৰুঙা আনি দিব আৰু চোৰাং চিকাৰীসকলে অসম আৰু অৰুণাচল প্ৰদেশৰ হাবিবোৰত থকা ডেকেৰুৱা বয়সৰ হাতীবোৰ ধৰাৰ বাবে জঁপিয়াই পৰিব”।

জানিব পৰা মতে, ২০০৫ আৰু ২০০৮ চনৰ মাজৰ সময়ছোৱাত অসমৰ পৰা বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ ১৬৭টা হাতী সৰবৰাহ কৰা হৈছিল আৰু ইয়াৰ প্ৰায়বোৰেই এই কুখ্যাত সোনপুৰ মেলাত বিক্ৰী কৰা হৈছিল।

তথ্যমতে, ২০০৬ চনত অসমৰ পৰা ৭৭টা হাতী সৰবৰাহ কৰা হৈছিল, যিটো ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত সৰ্বাধিক।

চোৰাং ব্যৱসায়ৰ চক্ৰটোৰ বলি হোৱা অসমৰ ঘৰচীয়া হাতীবোৰৰ প্ৰায় সংখ্যকেই হাবিৰ পৰা ধৰা।

হাবিৰ পৰা ধৰা হাতীবোৰ অসমৰ পৰা জাল নথিৰ সহায়ত, আৰু তাকো বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সহযোগত, সৰবৰাহ কৰা হয়।

কিন্তু আইনমতে, হাতীৰ যিকোনো ধৰণৰ বিক্ৰীয়েই অবৈধ। সৰবৰাহটো পৰ্য্যাপ্ত নথি-পত্ৰ থাকিলে ন্যায়সংগত বুলি আৰু গ্ৰহণযোগ্য বুলি ধৰিব পৰা যায়। কিন্তু বিক্ৰী সমূলি অবৈধ।

বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২-ৰ ৪৩ ধাৰা অনুসৰি পোহনীয়া বন্দী হাতী ধনৰ বিনিময়ত বা আন যিকোনো লাভৰ বিনিময়ত এজনৰ পৰা আনজনলৈ ক্ৰয় বা হস্তান্তৰ কৰাটো সম্পূৰ্ণ অবৈধ।

দুৰ্ভাগ্যজনকভাৱে অসমৰ বন বিভাগে ৰাজ্যখনৰ পৰা বাহিৰলৈ সৰবৰাহ কৰা এই হাতীবোৰ ধৰা পেলাবলৈ আৰু সেইবোৰ ঘূৰাই আনিবলৈ চেষ্টাই নকৰে।