• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধৰ আঁৰৰ খবৰ: ৰাছিয়াৰ প্ৰতিপক্ষক বিধ্বস্ত কৰি ইউক্ৰেইনৰ টেনিছ সুন্দৰীৰ প্ৰতিশোধ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2022 4:19 pm
ggpkclcj9d3vhsdqsegt

এলিনা ছভিতোলিনা।

3.1k
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ আক্ৰমণত প্ৰায় বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। কিন্তু তাৰ মাজতে খেলপথাৰত চলা আন এখন যুদ্ধত ৰাছিয়াক যোগ্য প্ৰত্যুত্তৰ দিলে ইউক্ৰেইনে।

টেনিছ কোৰ্টত ৰাছিয়াৰ প্ৰতিপক্ষক একপ্ৰকাৰ বিধ্বস্ত কৰে ইউক্ৰেইনৰ টেনিছ তাৰকা এলিনা ছভিতোলিনাই। মেক্সিকোৰ মন্টেৰেত অনুষ্ঠিত এখন খেলত  ৰাছিয়াৰ টেনিছ খেলুৱৈ আনাস্তছিয়া পোতাপোভাক এলিনাই পোনপটীয়া ছেটত পৰাজিত কৰে।

ৰাছিয়াৰ টেনিছ তাৰকা এলিনাই সামাজিক মাধ্যমত পূৰ্বৰে পৰা ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে সৰৱ হৈছিল।

লগতে পঢ়ক: সংবাদমাধ্যমৰ প্ৰত্যাহ্বান

মেক্সিকোৰ মন্টেৰেত খেলত নমাৰ আগেয়ে এলিনাই জনাই দিছিল যে ৰাছিয়াৰ কোনো খেলুৱৈৰ বিৰুদ্ধে তেওঁ নেখেলে। লগতে ৰাছিয়াৰ খেলুৱৈসকলৰ বিৰুদ্ধে আয়োজকক ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।

অৱশেষত মহিলা টেনিছ সংস্থা ডব্লিউটিএ জনাই দিয়ে যে ৰাছিয়াৰ প্ৰতিযোগীসকলে তেওঁলোকৰ দেশৰ নাম বা পতাকা লৈ খেলিব নোৱাৰিব। এই সিদ্ধান্তৰ পিছতে ৰাছিয়াৰ আনাস্তছিয়া পোতাপোভাৰ বিৰুদ্ধে এলিনাই টেনিছ ক’ৰ্টত নামিবলৈ মান্তি হয়।

কিন্তু দেশৰ নাম বা পতাকা নাথাকিলেও ৰাছিয়াৰ প্ৰতিপক্ষৰ বিৰুদ্ধে প্ৰথমৰে পৰাই এলিনাই আক্ৰমণাত্মক ৰূপ লয়। প্ৰথম ৰাউণ্ডত আনাস্তছিয়া পোতাপোভাক থিতাপি লবই নিদিলে এলিনাই। আনাস্তছিয়াক ৬-২,৬-১ পোনপটীয়া ছেটত হৰুৱাই দেশৰ বিজয় ধ্বজা উৰুৱায় এলিনাই।

এই বিজয়ৰ পিছতে বিশ্ব ক্ৰম তালিকাৰ ১৫ নম্বৰ স্থানৰ এলিনাই জানিবলৈ দিয়ে যে এই প্ৰতিযোগিতাৰ পৰা পোৱা ধন তেওঁ ইউক্ৰেইনৰ সেনাবাহিনীক দিব।

লগতে পঢ়ক: যুদ্ধভূমি ইউক্ৰেইনৰ পৰা আহি স্বগৃহত উপস্থিত কামৰূপ বংশৰৰ ছাত্ৰী দীপশিখা দাস

এলিনাই কয় যে ইউক্ৰেইনবাসীয়ে ভয়াবহ পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে। সেয়ে, মই ইয়ালৈ আহিছো। সেই কাৰণেই মই দেশৰহৈ খেলিছো। মোৰ মঞ্চখন মই কামত লগাই যিমানদূৰ সম্ভৱ মানুহক ইউক্ৰেইনৰ প্ৰতি সমৰ্থন কৰিবলৈ উদ্বুদ্ধ কৰাৰ চেষ্টা কৰিছো। মই ইউক্ৰেইনৰ সেনাবাহিনী আৰু জনসাধাৰণক সহায় কৰিবলৈ খেলিছো। পৰৱৰ্তী খেলখনত এলিনাই বুলগেৰিয়াৰ ভিক্টোৰিয়া তোমোভাৰ বিৰুদ্ধে খেলিব।   

Recent News

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd