• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাইবাৰ আক্ৰমণৰ বলি ইলন মাস্কৰ ‘এক্স’! দৰাচলতে হৈছিল কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 7:48 am
811
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কৰ মালিকানাধীন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ) এক বৃহৎ চাইবাৰ আক্ৰমণৰ বলি হৈছে। সোমবাৰে পুৱাৰে পৰা এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ বিভিন্ন দেশত এই প্লেটফৰ্মৰ ব্যৱহাৰকাৰীসকলে কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে। বহুতে এক্সেত প্ৰৱেশ কৰিব পৰা নাছিল, আনহাতে কিছুমানে লগ ইন কৰিবলৈ সক্ষম হৈছিল যদিও বিভিন্ন ফিচাৰ ব্যৱহাৰ কৰিব পৰা নাছিল।

ব্যৱহাৰকাৰীসকলৰ এই অস্বস্তিৰ মাজতে ইলন মাস্কে নিজেই ফেচবুকত এটা পোষ্টৰ জৰিয়তে চাইবাৰ আক্ৰমণৰ কথা নিশ্চিত কৰে। তেওঁ লিখিছে, “এক্স এটা ডাঙৰ চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে (আৰু এতিয়াও আছে)। অৱশ্যে বহু ব্যৱহাৰকাৰীয়ে জনাইছে যে কাৰিকৰী বিজুতিৰ পিছতো এক্স কিছু সময়ৰ বাবে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে।

যদিও ইলন মাস্কে প্ৰত্যক্ষভাৱে ইয়াক চাইবাৰ আক্ৰমণ বুলি দাবী কৰিছিল, তথাপিও তেওঁ কোনো নিৰ্দিষ্ট প্ৰমাণ দিয়া নাছিল। ইয়াৰ পূৰ্বে ২০২৩ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত এক্সৰ একেধৰণৰ সমস্যা হৈছিল।

সেই সময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাৎকাৰ কাৰিকৰী ত্ৰুটিৰ বাবে নিৰ্ধাৰিত সময়তকৈ ৪০ মিনিট পিছত আৰম্ভ হৈছিল। তেতিয়াও ইলন মাস্কে ইয়াৰ বাবে চাইবাৰ আক্ৰমণকে দায়ী কৰিছিল।

চাইবাৰ সুৰক্ষা বিশ্লেষকসকলে কয় যে এক্সৰ চাৰ্ভাৰ আৰু অপাৰেটিং চিষ্টেমসমূহ পৰ্যালোচনা নকৰাকৈ নিশ্চিতভাৱে একো কোৱা সম্ভৱ নহয়। কিন্তু দীৰ্ঘ সময় ধৰি সমস্যাটো অটল থকাৰ পৰিপ্ৰেক্ষিতত বহুতে চাইবাৰ আক্ৰমণৰ সম্ভাৱনাক নুই কৰা নাই।

অৱশ্যে এয়া চাইবাৰ আক্ৰমণ নে প্লেটফৰ্মৰ আভ্যন্তৰীণ কাৰিকৰী ত্ৰুটি সেই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য পোৱা নাই। এই সন্দৰ্ভত ইলন মাস্ক বা এক্সে কোনো বিতং ব্যাখ্যা দিয়া নাই।

Recent News

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd