এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

মোদী চৰকাৰৰ শাসনকালৰ তুলনাত ১৯৭৫ চনৰ জৰুৰীকালীন সময়ছোৱা বেছি ভাল আছিল বুলি অভিহিত কৰিছে শিৱ সেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটে।

আনকি জৰুৰীকালীন সময়ছোৱাক ‘আউটডেটেড ইচ্যু’ হিচাপেও নেতাজনে গণ্য কৰি ইয়াক পাহৰি যোৱা উচিত বুলি কৈছে।

শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ৰ তেওঁৰ সাপ্তাহিক স্তম্ভ ‘ৰোখটক’ৰ শেহতীয়া লেখাটোত সাংসদজনে প্ৰশ্ন কৰিছে যে জৰুৰীকালীন শাসনৰ বাবে ভাৰতৰ জনতাই ইন্দিৰা গান্ধীক ক্ষমতাচ্যুত কৰি এটা শিক্ষা দিছিল কিন্তু পুনৰ ক্ষমতাত অধিস্থিত কৰিছিল, তেনেহ’লে কিয় এই বিষয়ে বাৰে বাৰে খুঁচৰি থাকিব লাগে?

উল্লেখযোগ্য যে শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আইতাক ইন্দিৰা গান্ধীৰ জৰুৰীকালীন শাসনক ভুল বুলি কৈ ক্ষমা প্ৰাৰ্থনা কৰিছিল, তাৰ পাছতে শিৱ সেনাৰ সাংসদজনে বিষয়টো সম্পৰ্কত নিজৰ মনোভাৱ ব্যক্ত কৰে।

শিৱসেনাৰ সাসংদজনে ৰাহুল গান্ধীয়ে স্পষ্টবাদী আৰু সহজ-সৰল ব্যক্তি বুলি অভিহিত কৰি কৈছে যে বৰ্তমানৰ প্ৰজন্মৰ ৰাজনীতিক আৰু মিডিয়াৰ ওপৰত ১৯৭৫ চনৰ জৰুৰীকালীন শাসনে কোনো প্ৰভাৱ পেলাব নোৱাৰে।

তদুপৰি ইন্দিৰা গান্ধীৰ শাসনকালৰ স’তে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰাৰ্থক্য আছে বুলিও তেওঁৰ লেখাটোত প্ৰকাশ পাইছে।

”দেশৰ শেহতীয়া পৰিস্থিতি এনেধৰণৰ হৈ পৰিছে যে ক’ব পাৰি যে ১৯৭৫ চনৰ জৰুৰীকালীন সময়ছোৱা ইয়াতকৈ ভাল আছিল।”- তেওঁ কয়।

শেহতীয়াকৈ আয়কৰ বিভাগে চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপসী পান্নুৰ বাসগৃহ আৰু অফিচত তালাচী চলোৱাৰ বিষয়টোৰ সন্দৰ্ভটো ৰাউটে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

চৰকাৰী নীতিৰ সমালোচনা কৰা বাবেই তেওঁলোকে ইয়াৰ সমুখীন হোৱা বুলি তেওঁ লিখে।

”মিডিয়া হাউচবিলাকৰ ওপৰত ৰাজনৈতিক নিয়ন্ত্ৰণ, নিৰ্বাচন জিকা আৰু বিৰোধীক ভাঙি দিয়াৰ বাবে লোৱা ৰাজনৈতিক কৌশলসমূহে সাংবিধানিক নিয়মসমূহ উলংঘা কৰিছে।”- শিৱসেনাৰ সাংসদজনে লিখে।

তদুপৰি জৰুৰীকালীন শাসনৰ বাবে খোদ ইন্দিৰা গান্ধীয়ে আক্ষেপ কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

তেওঁ লিখে যে ইন্দিৰা গান্ধীয়ে ভৱিষ্যতে কোনো জৰুৰীকালীন শাসনৰ সিদ্ধান্ত নলয় বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

”তেওঁৰ (গান্ধীৰ) দৃষ্টিভংগী আছিল যে গণতন্ত্ৰ সেইসময়ত বিপথে পৰিচালিত হৈছিল বাবে জৰুৰীকালীন শাসন আৰোপ কৰা হৈছিল।”- ৰাউটে কয়।