চৰকাৰ বিৰোধী তীব্ৰ প্ৰতিবাদ; থাইলেণ্ডৰ ৰাজধানী বেংককত জৰুৰীকালীন অৱস্থা ঘোষণা

চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে থাইলেণ্ড চৰকাৰে থাইলেণ্ডৰ ৰাজধানী বেংককত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে।

থাইলেণ্ড চৰকাৰে ৰাজধানী বেংককত পাঁচগৰাকীতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা অনলাইন মেছেজ প্ৰেৰণত বাধা আৰোপ কৰিছে।

আনহাতে, জনসাধাৰণক বিপথে পৰিচালিত কৰা ব্যক্তি সকলৰ বিৰুদ্ধেও কঠোৰ বাবে আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে থাইলেণ্ড চৰকাৰে।

বেংককত হোৱা প্ৰতিবাদত প্ৰতিবাদকাৰী সকলে থাইলেণ্ডৰ প্ৰধান মন্ত্ৰী প্ৰয়ুথ-চান-ওচাৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে বিগত জুলাই মাহৰ পৰা ইয়াৰ শাসন ব্যৱস্থা পৰিৱৰ্তনৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

বিগত কিছুদিন ধৰি ৰাজধানী বেংককত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ড যুদ্ধ হোৱাও দেখা গৈছে।

প্ৰধান মন্ত্ৰী প্ৰয়ুথ-চান-ওচাই প্ৰতিবাদকাৰী সকলক শান্তিপূৰ্ণভাৱে প্ৰথম অৱস্থাত প্ৰতিবাদ কৰিবলৈ অনুমতি দিছিল যদিও পৰৱৰ্তী সময়ত এই প্ৰতিবাদে চৰম ৰূপ লোৱা দেখা যায়।