অনুশীলন থলীতে ঢলি পৰি মৃত্যুক সাৱটিলে দললৈ প্রথম নির্বাচিত হোৱা ক্ৰিকেটাৰে

Mithan Debbarma

মিথন দেৱবাৰ্মা

ত্ৰিপুৰাৰ উদীয়মান ক্ৰিকেটাৰ মিথন দেৱবাৰ্মাই মঙলবাৰে আবেলি বীৰ বিক্ৰম ষ্টেডিয়ামত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা ঘটনাই ত্ৰিপুৰাৰ ক্ৰীড়াজগতত শোকৰ ছাঁ পেলাইছে।

মিথনে চি কে নাইডু প্ৰতিযোগিতাৰ বাবে ঘোষিত ত্ৰিপুৰাৰ ২৬ জনীয়া দলত স্থান লাভ কৰিছিল আৰু মঙলবাৰে খেলুৱৈগৰাকীয়ে এম বি বি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া শিৱিৰলৈ আহোতে দুৰ্ভাগ্যজনক ঘটনাটো ঘটে।

ত্ৰিপুৰাৰ ২৩ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ প্ৰশিক্ষক জয়ন্ত দেৱে জনোৱা মতে, মঙলবাৰে চি কে নাইডু প্ৰতিযোগিতাৰ বাবে খেলুৱৈ সকলে প্ৰস্তুতি শিৱিৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ষ্টেডিয়ামত উপস্থিত হয় আৰু কিছুসময় খেলুৱৈ সকলে শাৰীৰিক অনুশীলন কৰাৰ মাজত মিথনে অসুস্থতা অনুভৱ কৰে।

দলৰ ফিজিঅ’ই খেলুৱৈ গৰাকীক পৰীক্ষা কৰি আই জি এম চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ত্ৰিপুৰাৰ আগৰতলাৰ চলমান সংঘ ক্ৰিকেট ক্লাৱৰ হৈ খেলা অপেনিং বেটছমেন মিথনৰ বিশালগড়ৰ কড়াইমুৰা গাঁৱত জন্ম হৈছিল।

অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান অৰ্জুন দেৱবাৰ্মাৰ পুত্ৰ মিথন দেৱবাৰ্মাই ত্ৰিপুৰাৰ ক্লাৱ ক্ৰিকেটত বহু কেইটা অৰ্ধশতক আৰু শতকীয় ইনিংছ খেলিছিল যাৰ সুবাদত তেওঁ ত্ৰিপুৰাৰ ৰাজ্যিক ২৩ বছৰ অনুৰ্ধ ক্ৰিকেট দললৈ আমন্ত্ৰণ লাভ কৰিছিল।